October 22, 2025 12:51 PM

views 80

২৫ অক্টোবৰৰ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান

● অসমত টেলিভিছন সংবাদ প্রচাৰৰ ক্ষেত্ৰত বাটকটীয়া হৈছে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ। ১৯৮৫ চনত অসমত প্ৰথম টেলিভিছন বাতৰি সেৱা আৰম্ভ কৰাৰ সময়ৰ কেইগৰাকীমান বিষয়া-কৰ্মচাৰী আৰু পৰিৱেশকক লগ পাব অহা ২৫ অক্টোবৰৰ নিশা ৮ বাজি দুই মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত। টেলিভিছনত বাতৰি প্ৰচাৰৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বান সম্পৰ্কত বহু কথা এই অনুষ্ঠানত উন্মোচিত হ'ব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

January 26, 2025 11:41 AM

views 76

অসম ৰাজ্যিক শিক্ষা পৰিষদে ৰাজ্যখনত পৰীক্ষাসমূহ নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাত নিৰীক্ষণ কমিটি গঠন কৰিছে

অসম ৰাজ্যিক শিক্ষা পৰিষদে ৰাজ্যখনত পৰীক্ষাসমূহ নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ বিদ্যালয় পৰিদৰ্শক আৰু শিক্ষা বিভাগৰ সৈতে জড়িত ব্যক্তিক লৈ জিলা পৰ্যায়ত একোখন নিৰীক্ষণ কমিটি গঠন কৰিছে। ইয়াৰ দ্বাৰা পৰীক্ষা পৰিচালনাৰ ব্যৱস্থাটো স্বচ্ছ আৰু নিকা কৰি তুলিবলৈ বিচৰা হৈছে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কালি অসম ৰাজ্যিক শিক্ষা পৰিষদৰ মণ্ডল এক আৰু দুইৰ পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শৰ্মা আৰু ৰঞ্জন কুমাৰ দাসে এই কথা প্ৰকাশ কৰে। তেওঁলোকে কয়, যে পৰীক্ষা ব্যৱস্থা নিকা কৰাৰ বাবে পৰীক্ষা চ...

January 24, 2025 7:07 PM

views 55

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত অসম ৰাজ্যিক শিক্ষা পৰিষদৰ মণ্ডল এক আৰু দুইৰ পৰীক্ষা নিয়ন্ত্রক নয়নজ্যোতি শৰ্মা আৰু ৰঞ্জন কুমাৰ দাসৰ সৈতে হোৱা এটি আলোচনা প্ৰচাৰ কৰা হ'ব। সমাগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত হ'বলগীয়া এই আলোচনাৰ আঁত ধৰিব আকাশবাণীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে।

December 13, 2024 5:39 PM

views 68

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাসকলৰ বাতৰি সম্পৰ্কীয় মতামত, অভিযোগ আৰু পৰামৰ্শ অনুষ্ঠান প্ৰচাৰ কৰিব। ইয়াত Whatsapp নম্বৰ ৯৮৬৪০-৫৫৫৬৬ যোগে লাভ কৰা টেক্সট বা ভইচ বাৰ্তাৰ লগতে অনুষ্ঠান চলি থকাৰ সময়তো আগ্রহী শ্রোতাই ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ এই দুটা নম্বৰত দিয়া অভিমত, প্রশ্ন আৰু উত্তৰ প্ৰচাৰিত হ'ব।

November 17, 2024 11:46 AM

views 57

অসমত গুৱাহাটী আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ পুনৰ অনুষ্ঠিত কৰিবলৈ চলচ্চিত্র সমালোচক নয়ন প্ৰসাদ আৰু বিতোপন বৰবৰাৰ আহ্বান

অসমত গুৱাহাটী আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ পুনৰ অনুষ্ঠিত কৰিবলৈ বিশিষ্ট চলচ্চিত্র সমালোচক নয়ন প্ৰসাদ আৰু বিতোপন বৰবৰাই আহ্বান জনাইছে। চলচ্চিত্র সমালোচকদ্বয়ে কালি এই আহ্বান জনাই কয়, যে চলচ্চিত্ৰ মহোৎসৱসমূহে ছবি নির্মাতা আৰু চিত্ৰৰসিকসকলক দেশ-বিদেশৰ বিভিন্ন ছবিৰ ৰসাস্বাদনৰ সুবিধা দিয়ে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আঁত ধৰা দৃষ্টিপাত অনুষ্ঠানত শ্ৰী প্ৰসাদ আৰু শ্ৰী বৰবৰাই অহা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ পূর্বালোকন আ...

November 10, 2024 11:26 AM

views 61

অসম তথা উত্তৰ পূৰ্বাঞ্চলত জৈৱ ইন্ধনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে আৰু ইয়াৰ দ্বাৰা নতুন প্ৰজন্মই স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত হ’ব পাৰেঃ ড° অৰূপ কুমাৰ মিশ্ৰ

ভাৰতে সৌৰ সহযোগিতাৰ পাছতে জৈৱ ইন্ধনৰ সহযোগিতাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বক সজাগ কৰাৰ প্ৰয়াস কৰিব। অসম তথা উত্তৰ পূৰ্বাঞ্চলতো জৈৱ ইন্ধনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে আৰু ইয়াৰ দ্বাৰা নতুন প্ৰজন্মই স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত হ'ব পাৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত প্রদূষণ নিয়ন্ত্রণ বৰ্ডৰ অধ্যক্ষ ড° অৰূপ কুমাৰ মিশ্ৰ আৰু নুমলীগড় তেল শোধনাগাৰৰ কৰ্প'ৰেট পৰিক্ৰমা বিভাগৰ উপদেষ্টা নিকুঞ্জ বৰঠাকুৰে এই বিষয়ে প্রকাশ কৰিছে। তেওঁলোকে কয় যে, জৈৱ ইন্ধনৰ ব্যৱহাৰৰ দ্বাৰা পৰিৱ...

November 7, 2024 7:59 PM

views 61

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালী কৰা’ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হ’ব। অনুষ্ঠানত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ ড° অৰূপ কুমাৰ মিশ্ৰ আৰু নুমলীগড় তেল শোধনাগাৰৰ কৰ্প'ৰেট পৰিক্ৰমা বিভাগৰ উপদেষ্টা নিকুঞ্জ বৰঠাকুৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্রতীম শর্মাই। শ্রোতাসকলে অনুষ্ঠানটি চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত পোনপটীয়াকৈ...

June 8, 2024 2:14 PM

views 63

আজি নিশা ৮.২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত ‘মোদীৰ তৃতীয় কার্যকাল’ বিষয়ত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮.২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত মোদীৰ তৃতীয় কার্যকাল’ বিষয়ত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱা আৰু জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব মানস প্রতীম শৰ্মাই।

June 1, 2024 1:33 PM

views 97

আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা 

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অধিবক্তা নিকুঞ্জ দেৱ শৰ্মা আৰু অপবাধ অনুসন্ধান শাখাৰ বিশেষ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী অতিথি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোতাই অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ অথবা ২৬৬২৩২৫ নম্বৰত ফোন কৰি অতিথিৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব মানসপ্রতীম শৰ্মাই।

May 31, 2024 8:21 PM

views 77

কাইলৈ আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্তঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অধিবক্তা নিকুঞ্জ দেৱ শৰ্মা আৰু অপৰাধ অনুসন্ধান শাখাৰ বিশেষ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী অতিথি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোতাই অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ অথবা ২৬৬২৩২৫ নম্বৰত ফোন কৰি অতিথিৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।