August 15, 2025 12:49 PM August 15, 2025 12:49 PM

views 4

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাইলৈ ‘দৃষ্টিপাত’ত ‘স্বাধীনতাৰ প্ৰত্যাশা- কি পালো, কি নাপালো’ শীর্ষক আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। "স্বাধীনতাৰ প্ৰত্যাশা-কি পালো, কি নাপালো" শীর্ষক এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন স্থানৰ কেইবাগৰাকীও বর্ষীয়ান ব্যক্তিয়ে স্বৰাজোত্তৰ কালৰ অভিজ্ঞতা ব্যক্ত কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। শ্রোতাসকলক জনাই থওঁ যে, বাতৰিৰ আধিক্যৰ পৰিপ্ৰেক্ষিতত আজি বাতৰিকাকতৰ শিৰোনাম পৰ্যালোচনা প্ৰচাৰ কৰা হোৱা নাই ।