January 23, 2026 4:31 PM

views 21

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত ‘মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ’ শীৰ্ষক আলোচনা প্ৰচাৰ

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত ‘মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ’ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ নাগৰিকৰ প্ৰতিনিধি ড০ সূর্য দাস, মহিলা সমাজৰ প্ৰতিনিধি মিনাক্ষী কাকতি আৰু ছাত্ৰ সমাজৰ প্ৰতিনিধি অৰুণাভ হাজৰিকাই। অনুষ্ঠানৰ আঁত ধৰিব জিণ্টী ৰাণী ডেকাই। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

January 3, 2026 7:06 PM

views 13

দৃষ্টিপাত অনুষ্ঠানত গ্রন্থবৰ্ষ, গ্ৰন্থৰ চাহিদা আৰু ভৱিষ্যত সম্পর্কত এটা আলোচনা প্ৰচাৰ কৰা হব

আকাশবাণী গুৱাহাটীৰ আজি নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত গ্রন্থবৰ্ষ, গ্ৰন্থৰ চাহিদা আৰু ভৱিষ্যত সম্পর্কত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত বিশিষ্ট প্রকাশক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° সূর্যকান্ত হাজৰিকা আৰু লেখক, অনুবাদক মনস্বিনী ৰুণুমী মহন্তই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটিৰ প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

December 27, 2025 6:36 PM

views 18

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত

আকাশবাণী গুৱাহাটীৰ আজি নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী সূৰ্য্যৰ বিনামূলীয়া বিদ্যুৎ আঁচনি সম্পৰ্কত কথোপথন শুনিবলৈ পাব। ইয়াত ভাগ ল'ব অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ উপ-প্ৰৱন্ধক বৈশালী তালুকদাৰ আৰু আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশিকা জিণ্টীৰাণী ডেকাই।

December 7, 2025 12:21 PM

views 15

ৰাজ্যৰ কৃষিক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা-সুবিধা সন্দৰ্ভত দৃষ্টিপাত অনুষ্ঠানত মনোজ্ঞ আলোচনা

ৰাজ্যৰ কৃষিক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা-সুবিধা সন্দৰ্ভত কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত এটা আলোচনা প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্ৰমাণিকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা প্রাক্তন যুটীয়া কৃষি সঞ্চালক মৌচম হাজৰিকা আৰু সোণাপুৰ চক্ৰৰ কৃষি উন্নয়ন বিষয়া সুপ্রিয়া বৰাই অংশ লৈ কৃষি ক্ষেত্ৰৰ বিভিন্ন উন্নয়নমূলক দিশ আৰু কৃষকলৈ আগবঢ়োৱা সা-সুবিধা সম্পর্কে অৱগত কৰে। কৃষি প্ৰযুক্তিৰ বিকাশে ক্রমাগতভাৱে ৰাজ্যৰ কৃষি ক্ষেত্ৰলৈ অনা পৰিৱৰ্তন সন্দৰ্ভতো তেওঁলোকে আলোকপাত কৰে। প্রাকৃতিক দুর...

December 6, 2025 7:02 PM

views 19

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত

ৰাজ্যৰ কৃষিক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা-সুবিধা সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্রমাণিকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা প্রাক্তন যুটীয়া কৃষি সঞ্চালক মৌচম হাজৰিকা আৰু সোণাপুৰৰ চক্ৰৰ কৃষি উন্নয়ন বিষয়া সুপ্রিয়া বৰাই অংশ ল'ব। অনুষ্ঠানত কেইবাগৰাকীও কৃষকে নিজৰ অভিজ্ঞতা বিনিময় কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

December 4, 2025 8:54 PM

views 18

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান

অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীযোগে প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত ৰাজ্যৰ কৃষিক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা-সুবিধা সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্ৰমাণিকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা প্রাক্তন যুটীয়া কৃষি সঞ্চালক মৌচম হাজৰিকা আৰু সোণাপুৰ চক্ৰৰ কৃষি উন্নয়ন বিষয়া সুপ্রিয়া বৰাই অংশ ল'ব। অনুষ্ঠানত কেইবাগৰাকীও কৃষকে নিজৰ অভিজ্ঞতা বিনিময় কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

November 8, 2025 12:20 PM

views 31

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ কেইগৰাকীমান প্ৰাক্তন সাংবাদিক-সংবাদকর্মীৰ সৈতে আজিৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ৬৯ বছৰীয়া ইতিহাসত বহুকেইগৰাকী সাংবাদিক আৰু সংবাদকর্মীয়ে বিভাগটোলৈ সেৱা আগবঢ়াই গৈছে। জীৱন আৰু জীৱিকাৰ সন্ধানত অথবা সাংসাৰিক প্ৰয়োজনত পৰৱৰ্তী কালত এওঁলোকৰ বহুকেইগৰাকীয়ে আন ক্ষেত্ৰলৈ যাবলগীয়া হ'ল আৰু নিজ নিজ ক্ষেত্ৰত প্রসিদ্ধি লাভ কৰিবলৈ সমৰ্থ হ'ল। কিন্তু তেওলোকে আজিও বুকুত কঢ়িয়াই ফুৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সুমধুৰ স্মৃতি। আজি নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাতত আকাশবাণীৰ ষ্টুডিঅ'ত তেওঁলোকে ব্যক্ত কৰিব নিজ নিজ অভিজ্ঞতা আৰু উপলব্ধি। অনুষ্ঠানটোৰ ...

October 22, 2025 12:51 PM

views 32

২৫ অক্টোবৰৰ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান

● অসমত টেলিভিছন সংবাদ প্রচাৰৰ ক্ষেত্ৰত বাটকটীয়া হৈছে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ। ১৯৮৫ চনত অসমত প্ৰথম টেলিভিছন বাতৰি সেৱা আৰম্ভ কৰাৰ সময়ৰ কেইগৰাকীমান বিষয়া-কৰ্মচাৰী আৰু পৰিৱেশকক লগ পাব অহা ২৫ অক্টোবৰৰ নিশা ৮ বাজি দুই মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত। টেলিভিছনত বাতৰি প্ৰচাৰৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বান সম্পৰ্কত বহু কথা এই অনুষ্ঠানত উন্মোচিত হ'ব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

September 16, 2025 7:01 PM

views 37

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত ২০ ছেপ্তেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা শনিবাৰ ২০ ছেপ্তেম্বৰৰ নিশা ৮ বাজি দুই মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ সংবাদদাতা কেইগৰাকীৰ লগতে বি টি চিৰ ভোটগ্রহণ কেন্দ্র থকা বিশ্বনাথ জিলাৰ সংবাদদাতাগৰাকীয়েও অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আঁত ধৰিবলগীয়া এই আলোচনাত সাংবাদিক অৰূপ শান্দিল্যও ষ্টুডিঅ'ৰ পৰা আমাৰ সংবাদদাতাসকলৰ সৈতে আলোচন...

September 13, 2025 11:54 AM

views 23

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান

■ প্রধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আকাশবাণীৰ আইজল আৰু ইম্ফলৰ সংবাদদাতা দুগৰাকীও টেলিফোনযোগে সংযুক্ত হ'ব। জ্যেষ্ঠ সাংবাদিক মনীষ গোস্বামী, এট্ৰনৰ পৰামৰ্শদাতা বসন্ত বৰঠাকুৰ আৰু পথ অভিযান্ত্ৰিক বিষয়ৰ পৰামৰ্শদাতা ত্রিদীপ চাংমাইয়ে অংশগ্রহণ কৰিবলগীয়া অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ। এই অনুষ্ঠান ৰাজ্যখনৰ...