August 25, 2024 10:56 AM

views 36

ৰাজ্যখনৰ সামগ্রিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বর্তমান উদ্যোগ খণ্ডত অধিক বিনিয়োগত চৰকাৰৰ মনোনিবেশ

ৰাজ্যখনৰ সামগ্রিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি বর্তমান উদ্যোগ খণ্ডত অধিক বিনিয়োগত মনোনিবেশ কৰা হৈছে। ইয়াৰ অংশ হিচাপে জাগীৰোডত ২৭ হাজাৰ কোটি টকা ব্যয়ৰে অর্ধপৰিবাহী প্ৰকল্পৰ নিৰ্মাণৰ কাম অব্যাহত আছে। ইয়াৰ ফলত ১৮ হাজাৰৰো অধিক লোকৰ কৰ্মসংস্থাপন হোৱাৰ সম্ভাৱনা আছে। আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সচিব ডাঃ লক্ষ্মনন এছ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে, ইয়াৰ ফলত বৰ্তমান সময়ত বিদেশৰ পৰা আমদানি কৰা অৰ্ধপৰিবাহী সামগ্রী পৰিৱৰ্তে আমাৰ দেশত নির...

August 11, 2024 12:18 PM

views 26

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ পাছত চৰাইদেউ মৈদামৰ গৱেষণাত গুৰুত্ব আৰোপ কৰা হ’ব বুলি অসম চৰকাৰৰ প্ৰকাশ

বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামে স্বীকৃতি লাভ কৰাৰ পাছত ইয়াৰ পৰৱৰ্তী পদক্ষেপ হিচাপে বিভিন্ন শৈক্ষিক প্রতিষ্ঠানৰ সৈতে এই সন্দৰ্ভত গৱেষণা প্ৰক্ৰিয়া আৰম্ভ কৰাত গুৰুত্ব আৰোপ কৰা হব বুলি ৰাজ্য চৰকাৰৰ প্ৰকাশ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কালি প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম সন্দৰ্ভত হোৱা আলোচনাত অংশগ্রহণ কৰি ৰাজ্য চৰকাৰৰ প্রত্নতত্ত্ব বিভাগৰ সঞ্চালক ড. দীপিলেখা কুলিয়ে এইদৰে কয়। এই আলোচনাত ৰাজ্য চৰকাৰৰ খিলঞ্জীয়া জনজাতীয় বিশ্বাস...

June 8, 2024 2:14 PM

views 35

আজি নিশা ৮.২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত ‘মোদীৰ তৃতীয় কার্যকাল’ বিষয়ত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮.২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত মোদীৰ তৃতীয় কার্যকাল’ বিষয়ত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱা আৰু জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব মানস প্রতীম শৰ্মাই।

June 7, 2024 8:16 PM

views 30

আকাশবাণী দৃষ্টিপাত অনুষ্ঠানত কাইলৈ মোদীৰ তৃতীয় কার্যকাল বিষয়ত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত মোদীৰ তৃতীয় কার্যকাল বিষয়ত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱা আৰু জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।

June 2, 2024 1:10 PM

views 20

নতুন ফৌজদাৰী আইন বলবৎকৰণৰ বাবে সকলো প্রস্তুতি অব্যাহত

অসম আৰক্ষীয়ে অহা ১ জুলাইৰ পৰা কাৰ্যকৰী হবলগীয়া নতুন ফৌজদাৰী আইন বলবৎকৰণৰ বাবে সকলো প্রস্তুতি অব্যাহত ৰাখিছে। আনহাতে, আইনী প্রক্রিয়াত নতুন আইনে কৰিবলগীয়া সাল সলনিৰ সৈতে সামঞ্জস্য ৰাখি চলিবৰ বাবে অধিবক্তাসকলো সাজু হৈছে। কালি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত হোৱা আলোচনাত অধিবক্তা নিকুঞ্জ দেৱ শৰ্মা আৰু অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ অধীক্ষক প্ৰণৱজ্যোতি গোস্বামীয়ে এই বিষয়ে প্রকাশ কৰে। শ্রীগোস্বামীয়ে কয় যে, ভাৰতীয় ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয...

June 1, 2024 1:33 PM

views 49

আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা 

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অধিবক্তা নিকুঞ্জ দেৱ শৰ্মা আৰু অপবাধ অনুসন্ধান শাখাৰ বিশেষ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী অতিথি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোতাই অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ অথবা ২৬৬২৩২৫ নম্বৰত ফোন কৰি অতিথিৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব মানসপ্রতীম শৰ্মাই।

May 31, 2024 8:21 PM

views 27

কাইলৈ আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্তঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অধিবক্তা নিকুঞ্জ দেৱ শৰ্মা আৰু অপৰাধ অনুসন্ধান শাখাৰ বিশেষ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী অতিথি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোতাই অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ অথবা ২৬৬২৩২৫ নম্বৰত ফোন কৰি অতিথিৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।

April 3, 2024 7:06 PM

views 19

আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত লোকনির্ণয়-২০২৪ অনুষ্ঠানত ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সৈতে সাক্ষাৎকাৰ

♦ আকাশবাণী গুৱাহাটী কেন্দ্রই আজি নিশা ৭.২০ মিনিটত দৃষ্টিপাত লোকনির্ণয় ২০২৪ অনুষ্ঠানত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সৈতে সাক্ষাৎকাৰ প্ৰচাৰ কৰিব। এই অনুষ্ঠানটো ৰাজ্যখনৰ আকাশবাণীৰ আটাইকেইটা কেন্দ্রই একে সময়তে প্ৰচাৰ কৰিব৷