August 21, 2025 8:42 PM August 21, 2025 8:42 PM
1
পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত চন্দ্ৰপ্ৰভা নামৰ নাটখন মঞ্চস্থ
পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত আজি সামৰণি সন্ধিয়া নাট্যকাৰ সপোনজ্যোতি ঠাকুৰৰ ৰচনা আৰু সীমান্ত ফুকনৰ পৰিচালনাৰে ডেৰগাঁৱৰ নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে চন্দ্ৰপ্ৰভা নাটখন মঞ্চস্থ কৰিছে। বিয়লি ৫ বজাত নাটকখনৰ প্ৰথম দৰ্শনী হৈছে আৰু সন্ধিয়া চাৰে ৭ বজাত দ্বিতীয় দৰ্শনীৰ নাট মঞ্চস্থ হ'ব। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত কালি কৰুণা ডেকা ৰচিত আৰু গুণাকৰ দেৱ গোস্বামী পৰিচালিত নাট অম্বিকাগিৰী অনির্বাপিত একুৰা জুই মঞ...