October 28, 2025 8:10 PM

views 12

ৱালিউল ইছলামক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জামিন প্রদান

তোলনীয়া সন্তানক নির্যাতন চলোৱাৰ গোচৰত কাৰাবন্দী হৈ থকা চিকিৎসক ৱালিউল ইছলামক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্রদান কৰিছে। ন্যায়াধীশ ছামিমা জাহানৰ আদালতে আজি কেইবাটাও চর্ত বান্ধি দি চিকিৎসকজনৰ জামিন মঞ্জুৰ কৰে। উল্লেখযোগ্য যে তোলনীয়া সন্তানক নির্যাতন চলোৱাৰ গোচৰত চিকিৎসক দম্পতী সংগীতা দত্ত আৰু বালিউল ইছলামক প্রায় আঢ়ৈ বছৰ পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। বালিউল ইছলামৰ জামিন আজি ন্যায়ালয়ে মঞ্জুৰ কৰে যদিও ডা০ সংগীতা দত্ত বর্তমানো কাৰাবন্দী হৈ আছে।