October 16, 2024 6:03 PM

views 30

দেশ এখনৰ উন্নয়ন তথা বিকাশ দেশখনৰ শান্তি আৰু সুস্থিৰতাৰ ওপৰত নিৰ্ভৰ কৰেঃ বিদেশ মন্ত্রী ড০ এছ জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কৈছে যে, দেশ এখনৰ উন্নয়ন তথা বিকাশ দেশখনৰ শান্তি আৰু সুস্থিৰতাৰ ওপৰত নিৰ্ভৰ কৰে। মন্ত্ৰীজনে লগতে দুখন ৰাষ্ট্ৰৰ মাজত বাণিজ্য, শক্তি প্ৰৱাহ সংযোগ আৰু জনসাধাৰণৰ মাজৰ বিনিময়ৰ প্ৰচেষ্টাক দুৰ্বল কৰা সন্ত্রাসবাদ, উগ্রবাদ আৰু বিচ্ছিন্নতাবাদ আদি সীমান্তৰ কার্যকলাপসমূহকো সতৰ্ক কৰি দিয়ে। আজি পাকিস্তানৰ ইছলামাবাদত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ বৈঠকত মন্ত্ৰীগৰাকী ভাষণ দি এই কথা প্ৰকাশ কৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, অত্যাধিক জলবায়ু পৰিঘটনা...

October 16, 2024 11:16 AM

views 17

চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ ২৩ সংখ্যক বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰৰ পাকিস্তান ভ্রমণ

বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ইছলামাবাদত হ'বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ ২৩ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে চুবুৰীয়া ৰাষ্ট্র পাকিস্তানৰ দুদিনীয়া ভ্রমণসূচীৰে ইতিমধ্যে ৰাজধানী ইছলামাবাদত উপস্থিত হৈছে। পাকিস্তানৰ অধ্যক্ষতাত হ'বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ এই বৈঠকত ড০ জয়শংকৰে ভাৰতক প্রতিনিধিত্ব কৰিব। ভাৰতে চাংহাই সহযোগিতা সংস্থাৰ সকলো ধৰণৰ কাম-কাজৰ সৈতে সক্রিয়ভাৱে জড়িত হৈ আহিছে। প্ৰতি বছৰে চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ বৈঠকৰ আয়োজন কৰ...

October 15, 2024 8:35 PM

views 19

অষ্ট্ৰেলিয়াৰ আব্ৰজন দপ্তৰৰ সহকাৰী মন্ত্ৰী মট্ থিছটলেটৱেইটক ডº এছ জয়শংকৰৰ সাক্ষাৎ‍

বিদেশ মন্ত্রী ডº এছ জয়শংকৰে আজি দিল্লীত অষ্ট্ৰেলিয়াৰ আব্ৰজন দপ্তৰৰ সহকাৰী মন্ত্ৰী মট্ থিছটলেটৱেইটক সাক্ষাৎ‍ কৰে। দুয়োগৰাকী নেতাই প্ৰব্ৰজন আৰু আহ-যাহৰ লগতে দক্ষতা বিকাশ আৰু বৃত্তিমূলক প্রশিক্ষণ সম্পর্কে আলোচনা কৰে। ডº জয়শংকৰে কয় যে, এই ক্ষেত্ৰসমূহৰ সহযোগিতা ভাৰত আৰু অষ্ট্ৰেলিয়া উভয়ৰে বাবে লাভদায়ক ।