January 22, 2026 8:30 PM

views 12

নতুন দিল্লীত ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূতসকলৰ সৈতে ড০ জয়শংকৰৰ মত বিনিময়

 বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে কয়, যে ভাৰত ইউৰোপীয় সংঘৰ শক্তিশালী সম্পর্কই যোগান শৃংখলাত সহযোগিতা কৰি বিশ্ব অর্থনীতিক সংকটমুক্ত কৰি তুলিব আৰু সৱল বাণিজ্য, গতিশীলতা আৰু নিৰাপত্তাৰ আংশীদাৰিত্বৰ জৰিয়তে বিশ্ব অর্থনীতিত সুস্থিৰতা প্রদান কৰিব। নতুন দিল্লীত ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূতসকলৰ সৈতে মত বিনিময় কৰি ড০ জয়শংকৰে অস্থিৰতা আৰু অনিশ্চয়তাক নতুন স্বাভাবিক বিষয় হিচাপে লৈ বিশ্বৰ বৰ্তমানৰ স্থিতি বিষয়ত আলোচনা কৰে। সামাজিক মাধ্যমযোগে প্ৰেৰণ কৰা এটা বাৰ্তাত তেওঁ কয়, যে ভাৰত আৰু ইউৰোপীয় সংঘৰ সম্পৰ্ক সুদ...