April 3, 2025 6:54 PM April 3, 2025 6:54 PM
9
BIMSTEC নতুন শৃংখলাটো মূলতঃ আঞ্চলিক তথা বিষয়নিষ্ঠ হৈ উঠিছেঃ ড° এছ জয়শংকৰ
বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে BIMSTEC গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহক সাম্প্ৰতিক বিশ্বৰ প্ৰেক্ষাপটত সামগ্রিক অনিশ্চয়তা তথা অস্থিৰতাৰ বিষয়ে বিবেচনা কৰি সংগঠনটোৰ প্ৰতি অধিক অভিলাষী দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। থাইলেণ্ডৰ বেংককত BIMSTEC-ৰ মন্ত্ৰী পৰ্যায়ৰ ২০ সংখ্যক বৈঠকত ভাষণ দি ড° জয়শংকৰে কয়, যে সংগঠনটোৰ নতুন শৃংখলাটো মূলতঃ আঞ্চলিক তথা বিষয়নিষ্ঠ হৈ উঠিছে। BIMSTEC-ক ভাৰতবৰ্ষৰ পূবলৈ চোৱা, চুবুৰীয়াক অগ্ৰাধিকাৰ প্ৰদান আৰু মহা-সাগৰ দৃষ্টিভংগী-এই তিনিবিধ নীতিৰ সমাহাৰ বুলি অভিহ...