January 4, 2026 7:55 PM

views 10

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ আজিৰে পৰা ফ্ৰান্স আৰু লাক্সেমবার্গ ভ্রমণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে চৰকাৰী কাৰ্যসূচীৰে আজিৰে পৰা ১০ জানুৱাৰীলৈ ফ্ৰান্স আৰু লাক্সেমবার্গ ভ্রমণ কৰিব। ড০ জয়শংকৰে পেৰিছত ফ্ৰান্সৰ নেতৃবৰ্গক সাক্ষাৎ কৰাৰ লগতে দেশখনৰ বিদেশ মন্ত্রী জ্যা ন'ৱেল বাৰ্টৰ সৈতে মতবিনিময় কৰিব। দুয়োগৰাকী নেতাই ভাৰত-ফ্রান্স কৌশলগত অংশীদাৰিত্বৰ অধীনত লাভ কৰা অগ্ৰগতিৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ গোলকীয় বিষয় সন্দৰ্ভত আলোচনা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্র্যালয়ে এটা বিবৃতিত প্রকাশ কৰা মতে ড০ জয়শংকৰে ৩১ সংখ্যক ফৰাচী ৰাষ্ট্রদূতসকলৰ সন্মিলনত সন্মানীয় অতিথি হিচাপে...

December 3, 2025 12:35 PM

views 25

ভাৰতে শ্ৰীলংকাৰ বান সাহায্যৰ প্ৰচেষ্টালৈ সমৰ্থন অব্যাহত ৰাখিছেঃ ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কয়, যে ৭০ জনৰো অধিক চিকিৎসা আৰু সহায়ক কৰ্মী, আৰু অত্যাৱশ্যকীয় বাহনৰ সৈতে এখন স্বয়ংসম্পূৰ্ণ মডিউলাৰ ফিল্ড হস্পিতাল কঢ়িয়াই নিয়া ভাৰতীয় বায়ুসেনাৰ C-17 শ্ৰেণীৰ পৰিবহণ বিমান কালি কলম্বোত অৱতৰণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড° জয়শংকৰে উল্লেখ কৰে যে ভাৰতে শ্ৰীলংকাৰ বান সাহায্যৰ প্ৰচেষ্টালৈ সমৰ্থন অব্যাহত ৰাখিছে। ইফালে ভাৰতীয় বায়ুসেনাৰ Mi-17 হেলিকপ্টাৰে ৮ টনৰো অধিক সাহায্য সামগ্রী বিমানযোগে লৈ যোৱাৰ লগতে বিদেশী নাগৰিক, সংকটজনক অৱস্থাত থকা ৰোগী আৰু এ...

September 28, 2025 12:11 PM

views 48

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে ভাৰতে স্বাধীনতাৰ পিছৰে পৰাই সন্ত্ৰাসবাদীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলগীয়া হৈছে

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে সন্ত্ৰাসবাদৰ অভিকেন্দ্ৰ স্বৰূপ ভাৰতৰ এখন প্ৰতিবেশী দেশ আছে আৰু স্বাধীনতাৰ পিছৰে পৰাই ভাৰতে সন্ত্ৰাসবাদীৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলগীয়া হৈছে। বৈদেশিকমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিৱেশনত দিয়া ভাষণত এইকথা উল্লেখ কৰে। ড০ জয়শংকৰে কয়, যে দশক দশক ধৰি সংঘটিত হৈ থকা সন্ত্ৰাসবাদীৰ বৃহৎ আক্রমণসমূহ সেইখন দেশৰ পৰাই সংঘটিত হৈ আহিছে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰসংঘৰ নির্দিষ্ট তালিকাত থকা সন্ত্ৰাসবাদীৰ নামসমূহ সেই দেশখনৰ নাগৰিকেৰে ভৰি আছে। ...

September 5, 2025 7:02 PM

views 30

দিল্লীত ভূটানৰ প্ৰধানমন্ত্রী শ্বেৰিং টবগেক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সাক্ষাৎ‍

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত ভূটানৰ প্ৰধানমন্ত্রী শ্বেৰিং টবগেক সাক্ষাৎ‍ কৰে। ভূটানৰ প্ৰধানমন্ত্ৰী ৪ দিনীয়া ভ্রমণসূচী লৈ পৰহি ভাৰতত উপস্থিত হয়। তেওঁ উত্তৰ প্ৰদেশৰ অযোধ্যাত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত হোৱাৰ কথা ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পত্নী ওম টাছি দোমাৰ সৈতে আজি অযোধ্যাৰ শ্ৰীৰাম জনমভূমি মন্দিৰ, হনুমানগড়ী মন্দিৰ আৰু কুবেৰটিলা দৰ্শন কৰে। এই ভ্ৰমণৰ কালছোৱাত ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰীৰাম মন্দিৰত চলি থকা নিৰ্মাণ কাৰ্যৰ চূড়ান্ত পর্...

August 16, 2025 8:49 PM

views 29

দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী চৌ হুনৰ সৈতে বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ দ্বিপাক্ষিক বৈঠক

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী চৌ হুনৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ জয়শংকৰে কয়, যে দুয়োজন নেতাৰ মাজত বাণিজ্য, উৎপাদন, সামুদ্রিক উন্নয়ন আৰু জনকল্যাণৰ বাবে সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন বিষয়ত আলোচনা কৰা হয়৷ তেওঁ লগতে কয়, যে দুয়োজন নেতাই কৃত্রিম বুদ্ধিমত্তা, ছেমি কণ্ডাক্টৰ, শক্তি আৰু প্ৰতিৰক্ষাকে ধৰি বিভিন্ন খণ্ডত নতুন সুযোগৰ অন্বেষণ কৰে। ভাৰত আৰু কোৰিয়াৰ মাজৰ কৌশলগত অংশীদাৰিত্বৰ দশম বার্ষিক উপলক্ষে দ...

August 16, 2025 6:38 PM

views 21

পেহেলগামৰ ঘটনাক গৰিহণা দিয়াৰ বাবে বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী শ্ব’ য়ানক শলাগ

দক্ষিণ কোৰিয়াই এপ্ৰিলত সংঘটিত পেহেলগাম সন্ত্ৰাসবাদী আক্রমণক গৰিহণা দিয়াৰ বাবে বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে দেশখনৰ বিদেশ মন্ত্ৰী শ্ব' য়ানৰ শলাগ লৈছে। নতুন দিল্লীত আজি শ্ৰীয়ানৰ সৈতে হোৱা আলোচনাৰ আৰম্ভণিতে ড০ জয়শংকৰে কোৰিয়াৰ ৰাষ্ট্ৰীয় স্বাধীনতা দিৱস উপলক্ষে অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীক ওলগ জনায়। দুয়োগৰাকী বিদেশ মন্ত্ৰী মাজত হোৱা আলোচনাত প্ৰতিৰক্ষা, সুৰক্ষা, ব্যৱসায়, অর্থনীতি, যোগাযোগ আৰু জনসম্পর্ককে ধৰি বিভিন্ন বিষয়ে স্থান লাভ কৰে।

May 29, 2025 3:43 PM

views 44

ৰাষ্ট্ৰসংঘ শান্তি ৰক্ষকৰ আন্তঃৰাষ্ট্ৰীয় দিৱসত সাহসী পুৰুষ-মহিলাসকলৰ ত্যাগ আৰু বীৰত্বৰ প্ৰতি ড° এছ জয়শংকৰৰ শ্ৰদ্ধা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে ৰাষ্ট্ৰসংঘ শান্তি ৰক্ষকৰ আন্তঃৰাষ্ট্ৰীয় দিৱসত সমগ্ৰ বিশ্বতে শান্তি ৰক্ষাৰ বাবে নিয়োজিত সাহসী পুৰুষ-মহিলাসকলৰ ত্যাগ আৰু বীৰত্বৰ প্ৰতি শ্ৰদ্ধা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড° জয়শংকৰে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ ক্ষেত্ৰত সমৰ্পিত মনোভাৱেৰে অৰিহণা যোগোৱা ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষকসকলক প্ৰশংসা কৰে।

May 27, 2025 4:31 PM

views 44

সন্ত্ৰাসবাদ পাকিস্তানৰ বাবে এটা মুকলি ব্যৱসায়ত পৰিণত হৈছেঃ ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে দাবী কৰিছে যে পাকিস্তানৰ বিভিন্ন নগৰ-মহানগৰত আশ্ৰয় গ্ৰহণ কৰি সন্ত্ৰাসবাদী সংগঠনসমূহে কাম-কাজ চলাই আছে। তেওঁ কয়, যে সন্ত্ৰাসবাদ পাকিস্তানৰ বাবে এটা মুকলি ব্যৱসায়ত পৰিণত হৈছে আৰু দেশখনৰ সেনাবাহিনী তথা চৰকাৰে সমৰ্থন কৰাৰ উপৰি পুঁজি যোগানেৰে সন্ত্ৰাসবাদক ব্যৱহাৰ কৰি আহিছে। জাৰ্মানীৰ এখন কাকতক দিয়া সাক্ষাৎকাৰত ড° জয়শংকৰে কয়, যে আক্রমণ চলালে সন্ত্ৰাসবাদীয়ে চূড়ান্ত মূল্য ভৰিব লাগিব বুলি ভাৰতে ইতিমধ্যে স্পষ্ট বার্তা দিছে। পেহেলগামৰ ঘটনাৰ পাছত ভাৰতৰ প্ৰত্যু...

May 26, 2025 9:12 PM

views 32

পাকিস্তানৰ চহৰ নগৰৰ পৰাই সন্ত্ৰাসবাদী সংগঠনসমূহে প্রত্যক্ষভাৱে ভাৰত বিৰোধী অভিযানত জড়িত হৈ আছেঃ ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে কৈছে যে পাকিস্তানৰ চহৰ নগৰৰ পৰাই সন্ত্ৰাসবাদী সংগঠনসমূহে প্রত্যক্ষভাৱে ভাৰত বিৰোধী অভিযানত জড়িত হৈ আছে। তেওঁ কয়, যে পাকিস্তানত সন্ত্ৰাসবাদ হৈছে মুকলি ব্যৱসায়। এই ব্যৱসায়ত পাকিস্তানৰ সামৰিক আৰু অসামৰিক সকলো পক্ষ জড়িত হৈ থাকে। জাৰ্মানীৰ এখন বাতৰি কাকতৰ সৈতে হোৱা সাক্ষাৎকাৰত এই কথা উল্লেখ কৰি জয়শংকৰে আৰু কয়, যে ভাৰত বিৰোধী শক্তিলৈ দেশে এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যাতে ভৱিষ্যতে যিকোনো আক্ৰমণৰ পূৰ্বে সেই শক্তিয়ে পুনৰ চিন্তা কৰি চাবলগীয়া হয়।

May 20, 2025 9:07 PM

views 29

নেডাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰী ডিক স্কোভক বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে আজি হেগত নেডাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰী ডিক স্কোভক সাক্ষাৎ কৰে। এই বৈঠকত দুয়োগৰাকী নেতাই ভাৰত-নেডাৰলেণ্ডছ সম্বন্ধৰ অগ্ৰগতিক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁলোকে লগতে উচ্চ পৰ্য্যায়ৰ ভ্ৰমণ আৰু আলোচনাৰ মাধ্যমেৰে দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰি তুলিবলৈ সন্মতি প্রকাশ কৰে।