May 5, 2024 12:46 PM
26
বিদেশী লোকৰ প্ৰতি অহেতুক ভিতিয়ে ভাৰতীয় অৰ্থব্যৱস্থাত বাধা সৃষ্টি কৰা বুলি আমেৰিকা ৰাষ্ট্ৰপতিৰ দাবীক বিদেশ মন্ত্রী ড° এছ জয়শংকৰৰ নস্যাৎ
বিদেশ মন্ত্রী ড° এছ জয়শংকৰে বিদেশী লোকৰ প্ৰতি অহেতুক ভিতিয়ে ভাৰতীয় অৰ্থব্যৱস্থাত বাধা সৃষ্টি কৰিছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেন কৰা দাবী খণ্ডন কৰিছে। এটা সংবাদ গোষ্ঠীয়ে আয়োজন কৰা এখন ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰি ড° জয়শংকৰ কয় যে, ভাৰতীয় সমাজে সদায় মুকলি চিন্তা ধাৰাৰ পৰিচয় দি আহিছে। তেওঁ কয় যে, ভাৰত বিশ্বৰ ইতিহাসত এখন অন্যন্য দেশ আৰু ই সদায় বিভিন্ন সমাজৰ জনসাধাৰণক আদৰেৰে গ্ৰহণ কৰি আহিছে। ভাৰতীয় অর্থ ব্যৱস্থা যথেষ্ট শক্তিশালী বুলি তেওঁ প্ৰকাশ কৰে । আমেৰিকা যুক্তৰাষ্...