August 9, 2024 7:58 PM
22
ৰাছিয়াৰ সশস্ত্ৰ সেনাত ভাৰতীয় সেনাৰ নিয়োগ সন্দৰ্ভত মন্ত্ৰী ড০ এছ জয়শংকৰৰ লোকসভাত মন্তব্য
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি কয় যে ৰাছিয়াৰ সশস্ত্ৰ সেনাত ৯১ গৰাকী ভাৰতীয় নিয়োগ কৰা হৈছিল। লোকসভাৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত ৬০ এছ জয়শংকৰে কয় যে ইয়াৰে দুর্ভাগ্যজনকভাৱে ৮গৰাকী ভাৰতীয় জোৱানৰ মৃত্যু হৈছে আৰু ১৪ গৰাকীক অব্যাহতি দিয়া হৈছে। ৬৯গৰাকী ভাৰতীয় জোৱানে ৰাছিয়াৰ সেনাৰ পৰা অব্যাহতি বিচাৰিছে বুলি তেওঁ জনায়। বিষয়টো ভাৰতে গভীৰভাৱে লৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয়। তেওঁ কয় যে ৰাছিয়াৰ বিদেশ মন্ত্ৰীৰ সৈতে তেওঁ এই সন্দৰ্ভত কেইবাবাৰো কথা পাতিছে। তেওঁ পুনৰ কয় যে যোৱা মাহত ৰাছ...