December 13, 2024 8:17 PM December 13, 2024 8:17 PM

views 41

পাকিস্তানৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা ২,৬৩৯ গৰাকী ভাৰতীয় মাছমৰীয়াৰ মুক্তি সম্ভৱ হৈ উঠিছেঃ ড০ এছ জয়শংকৰ

চৰকাৰে ২০১৪ চনৰে পৰা চলোৱা নিৰন্তৰ প্ৰচেষ্টাৰ বাবে পাকিস্তানৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা ২,৬৩৯ গৰাকী ভাৰতীয় মাছমৰীয়াৰ মুক্তি সম্ভৱ হৈ উঠিছে। বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে আজি লোকসভাৰ প্ৰশ্নকালত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে দূতাবাসৰ সৈতে যোগাযোগ ৰক্ষা সন্দৰ্ভত ভাৰত আৰু পাকিস্তানৰ সৈতে ২০০৮ চনত স্বাক্ষৰিত চুক্তিৰ অধীনত দুয়োখন দেশে পৰস্পৰৰ কাৰাগাৰত বন্দী হৈ থকা অসামৰিক লোক আৰু মাছমৰীয়াসকলৰ তালিকা বিনিময় কৰি আহিছে। প্ৰতি বছৰে পহিলা জানুৱাৰী আৰু পহিলা জুলাইত এই তালিকা বিনিময় কৰা...

December 8, 2024 7:59 PM December 8, 2024 7:59 PM

views 14

বাহৰেইণত অনুষ্ঠিত দক্ষিণ এছিয়া বিষয়ক আলোচনাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ ভাষণ প্ৰদান

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে বাহৰেইণৰ ৰাজধানী মানামাত অনুষ্ঠিত দক্ষিণ এছিয়া বিষয়ক আলোচনাত ভাৰতৰ পশ্চিম এছিয়াৰ বিষয়সমূহ সমাধানৰ বাবে সৰ্বাত্মক কৌশল আছে বুলি প্ৰকাশ কৰিছে। মানামা আলোচনাৰ সামৰণিৰ পূৰ্ণাংগ অধিৱেশনত ভাষণ প্ৰসংগত ড০ জয়শংকৰে ভূমধ্য সাগৰীয় দেশসমূহৰ সৈতে ৮ হাজাৰৰ পৰা ৯ হাজাৰ কোটি ডলাৰ পৰিমাণৰ বাণিজ্যৰ সমান্তৰালকৈ উপসাগৰীয় সহযোগিতা পৰিষদ, ইৰাণ আৰু ইৰাকৰ সৈতে ১৭ হাজাৰ কোটিৰ পৰা ১৮ হাজাৰ কোটি ডলাৰ পৰিমাণৰ বার্ষিক বাণিজ্য অব্যাহত থকা বুলি সদৰি কৰে। ড০ জয়শংকৰে কয়, যে ভূমধ্...

December 8, 2024 5:41 PM December 8, 2024 5:41 PM

views 15

আমেৰিকান ডলাৰৰ সৈতে প্ৰতিদ্বন্দিতা কৰিবলৈ ব্রীক্স দেশসমূহে নতুন মুদ্ৰা আৰম্ভ কৰাৰ কোনো প্ৰস্তাৱ লোৱা নাইঃ বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰ

আমেৰিকান ডলাৰৰ সৈতে প্ৰতিদ্বন্দিতা কৰিবলৈ ব্রীক্স দেশসমূহে নতুন মুদ্ৰা আৰম্ভ কৰাৰ কোনো প্ৰস্তাৱ লোৱা নাই। কাটাৰৰ ৰাজধানী দোহাত অনুষ্ঠিত সন্মিলনত অংশগ্ৰহণ কৰি ভাৰতৰ বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰে এই কথা উল্লেখ কৰে। ড° জয়শংকৰে লগতে কয় যে, এই বিষয়ত ব্রীক্স দেশসমূহৰ উমৈহতীয়া স্থিতি নাই । আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্রপতি ডোনাল্ড ট্রাম্পে ব্রীক্স দেশসমূহে উমৈহতীয়া মুদ্ৰাৰ পৰিকল্পনা আগবঢ়াই নিলে এশ শতাংশ শুল্ক আৰোপ কৰাৰ ভাবুকি দিয়াৰ এসপ্তাহৰ পাছত ড° এছ জয়শংকৰে এই মন্তব্য আগবঢ়ায় । উল্লেখযোগ্য য...

November 24, 2024 7:53 PM November 24, 2024 7:53 PM

views 14

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ তিনিদিনীয়া ভ্ৰমণসূচীৰে ইটালীত উপস্থিত

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে ইটালীৰ ৰোমত উপস্থিত হৈছে। তেওঁ ইটালীৰ ফিউগী ভ্ৰমণ কৰিব আৰু জি-ছেভেন বিদেশ মন্ত্ৰীৰ বিশেষ বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকত ভাৰতক অতিথি দেশ হিচাপে আমন্ত্ৰণ কৰা হৈছে। এই ভ্ৰমণৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে ৰোমত এম ই ডি ভূমধ্য সাগৰীয় আলোচনাৰ দশম সংস্কৰণতো অংগ্ৰহণ কৰিব। ড০ এছ জয়শংকৰে ৰোমত ভাৰতীয় দূতাবাসৰ নতুন চৌহদো মুকলি কৰিব।

November 24, 2024 11:30 AM November 24, 2024 11:30 AM

views 16

তিনিদিনীয়া ভ্রমণসূচীৰে ইটালীলৈ বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে তিনিদিনীয়া আনুষ্ঠানিক ভ্রমণসূচীৰে আজি ইটালীলৈ ৰাওনা হব। ইটালীৰ ফিউগীত তেওঁ জি চেভেন বিদেশ মন্ত্রীগোটৰ বৈঠকত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীৰ বাবে ভাৰতক অতিথি ৰাষ্ট্ৰ হিচাপে আমন্ত্রণ জনোৱা হৈছে। এই ভ্ৰমণকালত বিদেশ মন্ত্ৰীগৰাকীয়ে ইটালীকে ধৰি অন্যান্য অংশগ্রহণকাৰী ৰাষ্ট্ৰসূহৰ সমকক্ষসকলক সাক্ষাৎ কৰাৰ লগতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। এই ভ্ৰমণৰ সময়তে বিদেশ পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৰোমত অনুষ্ঠিত হ'বলগীয়া এম ই ডি ভূমধ্যসাগৰীয় আলোচনাৰ দশম সংস্কৰণতো...

November 4, 2024 5:55 PM November 4, 2024 5:55 PM

views 10

অষ্ট্ৰেলিয়াৰ ব্ৰীছবেনত ভাৰতৰ নতুন কনচ’লেট জেনেৰেল আনুষ্ঠানিকভাৱে উদ্বোধন বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি অষ্ট্ৰেলিয়াৰ ব্ৰীছবেনত ভাৰতৰ নতুন কনচ’লেট জেনেৰেল আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি ড০ এছ জয়শংকৰে কয় যে, এই কনচ'লেট জেনেৰেলে কুইন্সলেণ্ডৰ সৈতে ভাৰতৰত সম্পৰ্ক শক্তিশালী কৰা, ব্যৱসায়-বাণিজ্য প্ৰসাৰিত কৰা আৰু শৈক্ষিক সংযোগ গঢ়ি তোলা তথা প্রবাসীসকলক সেৱা আগবঢ়োৱাত অৰিহণা যোগাব। মন্ত্ৰীগৰাকীয়ে এই উদ্বোধন ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ক্ৰমাৎ শক্তিশালী হৈ অহা দ্বিপাক্ষিক সম্পৰ্কৰ্ক মাইলৰ খুঁটি বুলি অভিহিত কৰে৷ তেওঁ লগতে কয় যে, কনচ’লেট জেনেৰ...

November 3, 2024 8:30 PM November 3, 2024 8:30 PM

views 22

ভাৰতে অনাগত সময়ত অষ্ট্ৰেলিয়াৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব পৰা পৰিকাঠামো বিকশাই তুলিছেঃ বিদেশ মন্ত্রী এছ জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কৈছে যে ভাৰতে অনাগত সময়ত অষ্ট্ৰেলিয়াৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব পৰা পৰিকাঠামো বিকশাই তুলিছে। অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি ব্ৰীছবেনত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, উচ্চ বিকাশৰ পথত অগ্ৰসৰ হৈছে আৰু দেশে বিশ্বৰ সৈতে আগবাঢ়িব বিচাৰে । তেওঁ কয় যে, ভাৰতৰ কেইখনমান বচা বচা দেশৰ সৈতে সর্বাত্মক কৌশলগত সম্পৰ্ক আছে আৰু অষ্ট্ৰেলিয়া তেনে এখন দেশ। শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত গোলকীয় সহযোগিতাৰ অপাৰ...

November 3, 2024 11:46 AM November 3, 2024 11:46 AM

views 10

ছদিনীয়া অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰ ভ্ৰমণসূচীৰে ৰাওনা হব বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ

বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ আজি ছদিনীয়া অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰ ভ্ৰমণসূচীৰে ৰাওনা হ'ব। এই ভ্ৰমণকালত ড০ জয়শংকৰে ব্ৰীছবেনলৈ যাব আৰু অষ্ট্ৰেলিয়াত ভাৰতৰ চতুৰ্থটো বাণিজ্যিক দূতাবাস মুকলি কৰিব। তেওঁ লগতে অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱঙৰ সৈতে কেনবেৰাত হ'বলগীয়া মন্ত্ৰীপৰ্যায়ৰ পঞ্চদশ পৰিকাঠামো বৈঠকত সহ-অধ্যক্ষতা কৰিব। বিদেশ মন্ত্ৰীগৰাকীয়ে অষ্ট্ৰেলিয়াৰ সংসদ ভৱনত হ'বলগীয়া দ্বিতীয় ৰাইছিনা ডাউন আণ্ডাৰ সন্মিলনৰ উদ্বোধনী সত্ৰতো মূল ভাষণ প্রদান কৰিব। তেওঁ লগতে অষ্ট্ৰেলিয়াৰ নেতৃবৰ্গ, সাংসদ, প্রবা...

October 6, 2024 8:48 PM October 6, 2024 8:48 PM

views 10

কোৱাডে প্রতিষ্ঠানিক সহযোগিতাৰ সকলো গতানুগতিক আৰ্হিক উপেক্ষা কৰাৰ লগতে ই উদ্ভাৱনীমূলকোঃ এছ জয়শংকৰ

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে, কোৱাডে প্রতিষ্ঠানিক সহযোগিতাৰ সকলো গতানুগতিক আৰ্হিক উপেক্ষা কৰে আৰু এই কাৰণে কোৱাড অতি উদ্ভাৱনীমূলক হৈ পৰিছে। নতুন দিল্লীত আজি তৃতীয় কৌটিল্য অর্থনীতি সন্মিলনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, সন্ধি আধাৰিত সংস্থা নোহোৱাৰ বাবে কোৱাড সুবিধাজনক হৈ উঠিছে। তেওঁ লগতে ভাৰত-প্রশান্ত মহাসাগৰীয় খণ্ডত কোৱাড অন্যতম মূল ব্যৱস্থা বুলি উল্লেখ কৰে। সকলো গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ যোগাযোগৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি ড০ জয়শংকৰে কয় যে, ...

October 5, 2024 11:46 AM October 5, 2024 11:46 AM

views 12

ছাংহাই সহযোগতিা সংস্থা এছ চি অ’ সন্মিলনত ভাগ লোৱাৰ বাবে বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰ ইছলামাবাদলৈ যাব

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে অহা ১৫ আৰু ১৬ অক্টোবৰত ইছলামাবাদত হ’বলগীয়া ছাংহাই সহযোগতিা সংস্থা এছ চি অ’ সন্মিলনত ভাগ লোৱাৰ বাবে ইছলামাবাদলৈ যাব। বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে কালি বিয়লি দিল্লীত সংবাদ মাধ্যমৰ আগত এইকথা নিশ্চিত কৰে। জাকীৰ নায়কৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত মুখপাত্ৰগৰাকীয়ে কয় যে, ভাৰতীয় ন্যায় ব্যৱস্থাৰ পৰা পলায়ন কৰা এজন লোকক পাকিস্তানে আদৰি লোৱা কাৰ্যত ভাৰত আচৰিত হোৱা নাই। তেওঁ এই আচৰণক গৰিহণাযোগ্য তথা হতাশাজনক আখ্যা দিয়ে।