February 20, 2025 8:18 PM February 20, 2025 8:18 PM

views 19

জোহান্সবার্গত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে জি-২০ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত উপস্থিত হৈছে। জি টুৱেণ্টি বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত ড০ এছ জয়শংকৰৰ অংশগ্রহণে জি টুৱেণ্টি দেসসমূহৰ সৈতে ভাৰতৰ সংযোগ শক্তিশালী কৰিব আৰু এই গুৰুত্বপূৰ্ণ মঞ্চত গোলকীয় দক্ষিণৰ কণ্ঠক শক্তিশালী কৰিব ।বৈদেশিক মন্ত্ৰীসকলৰ এই বৈঠকৰ সুযোগতে ড০ এছ জয়শংকৰে ব্ৰাজিলৰ বৈদেশিক মন্ত্রী মাওৰোভিয়েৰক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ জয়শংকৰে কয়, যে তেওঁলোকে দ্বিপাক্ষিক সম্পৰ্ক আৰু বিশ্...

February 20, 2025 7:22 AM February 20, 2025 7:22 AM

views 11

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ দক্ষিণ আফ্ৰিকালৈ যাত্ৰা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ দক্ষিণ আফ্ৰিকাৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সহযোগিতা মন্ত্ৰী ৰোনাল্ড লামোলাৰ আমন্ত্ৰণ মৰ্মে জি-২০ ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি দুদিনীয়া ভ্রমণসূচীৰে জোহান্সবাৰ্গলৈ বুলি ৰাওনা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বিদেশ মন্ত্ৰীসকলৰ বৈঠকত ড০ জয়শংকৰৰ অংশগ্রহণে জি-২০ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰিব আৰু এই গুৰুত্বপূৰ্ণ মঞ্চত গ্লৱেল চাউথ ৰূপে পৰিচিত অর্থনীতি আৰু ঔদ্যোগিক দিশৰ পৰা তুলনামূলক ভাৱে কম উ...

February 14, 2025 8:58 PM February 14, 2025 8:58 PM

views 14

মাস্কটত ভাৰত মহাসাগৰ সন্মিলনত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপদেষ্টা মহম্মদ চৌহিদ হুছেইনৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে দ্বিপাক্ষিক বাৰ্তালাপত মিলিত হোৱাৰ সম্ভাৱনা

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে মাস্কটত ১৬ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া দুদিনীয়া ভাৰত মহাসাগৰ সন্মিলনৰ সময়ত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপদেষ্টা মহম্মদ চৌহিদ হুছেইনৰ সৈতে দ্বিপাক্ষিক বাৰ্তালাপত মিলিত হোৱাৰ সম্ভাৱনা আছে। ওমানৰ বিদেশ মন্ত্ৰী আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টাগৰাকীক এই সন্মিলনত ভাগ ল'বলৈ আমন্ত্ৰণ জনাইছে। ভাৰত আৰু ওমানৰ বৈদেশিক মন্ত্ৰালয়ে যুটীয়াভাৱে এই সন্মিলনৰ আয়োজন কৰিছে। বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্...

February 6, 2025 7:35 PM February 6, 2025 7:35 PM

views 3

আইনী গতিশীলতা বৃদ্ধি কৰাটো সামূহিক স্বার্থ : মন্ত্ৰী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি কয়, যে আইনী গতিশীলতা বৃদ্ধি কৰাটো সামূহিক স্বার্থ। তেওঁ কয়, যদিহে নিজৰ দেশৰ লোক অন্য দেশত অবৈধভাৱে বসবাস কৰে তেন্তে সেয়া আন্তঃৰাষ্ট্ৰীয় আইনমতে সাধাৰণভাৱে গ্ৰহণযোগ্য নীতি। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতীয় নাগৰিকক বিতাড়ণ সন্দৰ্ভত ৰাজ্যখনত বক্তব্য প্ৰদান কৰি বিদশ মন্ত্ৰী ড০ জয়শংকৰে এইদৰে কয়। বিতাড়ণৰ প্ৰক্ৰিয়াটো নতুন নহয় বুলি মন্তব্য কৰি বিদেশমন্ত্ৰীগৰাকীয়ে ই এক ধাৰাবাহিক প্ৰক্ৰিয়া বুলি কয়। তেওঁ সদনত ভাৰতীয় নাগৰিকৰ বিতাড়ণ সম্পৰ্কীয় তথ্য প্...

January 15, 2025 10:50 AM January 15, 2025 10:50 AM

views 9

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জ'ছে মেনুৱেল আলবেৰাছৰ সৈতে কালি মাদ্ৰিডৰ স্পেইন-ভাৰত কাউন্সিল ফাউণ্ডেচনত আয়োজিত পৰিৱৰ্তিত বিশ্বৰ বাবে কৌশলগত সহযোগিতা শীর্ষক এখন আলোচনাত মিলিত হয়। ড০ জয়শংকৰে দিয়া এটা বাৰ্তাত ভাৰত আৰু স্পেইনৰ সহযোগিতা সংঘৰ্ষজৰ্জৰ বিশ্ব অর্থনীতিৰ শক্তিশালীকৰণ আৰু মেধা সম্পন্ন লোকৰ প্ৰশিক্ষণ তথা আহ-যাহন নিশ্চিতিৰ ক্ষেত্ৰত কিমান গুৰুত্বপূৰ্ণ সেই বিষয়ে আলোকপাত কৰে। তেওঁ লগতে ইউৰোপীয় সংঘক লেটিন আমেৰিকা আৰু ভূমধ্য সাগৰীয় এলেকাৰ সৈতে ভাৰতৰ ...

January 14, 2025 10:46 AM January 14, 2025 10:46 AM

views 15

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী জ’ছে মেনুৱেল আলবেৰাছৰ সৈতে মাদ্রিডত বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে স্পেইনৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী জ'ছে মেনুৱেল আলবেৰাছৰ সৈতে কালি মাদ্রিডত এটা আলোচনাত মিলিত হয়। সামাজিক মাধ্যমযোগে ড০ জয়শংকৰে জনায় যে বৈঠকত বাণিজ্যি, বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, নগৰ উন্নয়ন, ৰে'লৱে আদিকে ধৰি বিভিন্ন দ্বিপাক্ষিক অংশীদাৰিত্বৰ ওপৰত আলোচনা কৰা হৈছিল। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে ভাৰত আৰু ইউৰোপীয় সংঘৰ সম্পর্ক উন্নত কৰাৰ বাবে স্পেইনৰ ভূমিকাক ভাৰতে শলাগ লৈছে। ড০ জয়শংকৰে উল্লেখ কৰে যে দুয়োখন দেশে ক্রীড়া আৰু বহনক্ষম নগৰ উন্নয়নৰ ক্ষেত্ৰ...

January 12, 2025 7:02 PM January 12, 2025 7:02 PM

views 9

আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতৰ প্ৰতিনিধিত্ব কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত ডোনাল্ড ট্রাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰিব। অহা ২০ জানুৱাৰীত ডোনাল্ড ট্রাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। এই ভ্রমণকালত ড০ জয়শংকৰে ট্ৰাম্প প্ৰশাসনৰ প্রতিনিধি আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ সৈতে বৈঠকত মিলিত হ'ব।

January 2, 2025 9:45 AM January 2, 2025 9:45 AM

views 11

কাটাৰৰ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্রী শ্বেইখ মহম্মদ বিন আব্দুলৰহমান বিন জছিম অল থানিক ড০ এছ জয়শংকৰৰ সাক্ষাৎ

● বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কালি কাটাৰৰ প্ৰধানমন্ত্ৰী তথা বিদেশ মন্ত্রী শ্বেইখ মহম্মদ বিন আব্দুলৰহমান বিন জছিম অল থানিক সাক্ষাৎ কৰে আৰু দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে আলোচনা কৰে। তিনি-দিনীয়া ভ্রমণসূচীৰে সোমবাৰে কাৰ্টাৰত উপস্থিত হোৱা ড০ জয়শংকৰৰ এয়া এই বছৰৰ প্ৰথম কূটনৈতিক আলোচনা আছিল। বিদেশ মন্ত্ৰীগৰাকীৰ এই যাত্ৰাই ৰাজনীতি, বাণিজ্য, বিনিয়োগ, শক্তি, সুৰক্ষা, সংস্কৃতি আৰু জনসম্পৰ্কৰ লগতে পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ পৰ্যালোচনাৰ সুযোগ প্ৰদান কৰে।

December 28, 2024 9:37 PM December 28, 2024 9:37 PM

views 18

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰৱৰ্তী সুৰক্ষা উপদেষ্টা মাইকেল ৱাল্টজক ড০ এছ জয়শংকৰৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণকালত যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি তথা পৰৱৰ্তী সুৰক্ষা উপদেষ্টা মাইকেল ৱাল্টজক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে ড০ জয়শংকৰে কয়, যে এই সাক্ষাৎকালত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক অংশীদাৰিত্ব শক্তিশালী কৰা আৰু সাম্প্রতিক বিশ্বৰ বিভিন্ন বিষয় লৈ বিস্তৃত আলোচনাত মিলিত হয়। ড০ জয়শংকৰে লগতে নেতাগৰাকীৰ সৈতে সহযোগিতাৰে কাম কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।

December 24, 2024 10:14 AM December 24, 2024 10:14 AM

views 9

৬ দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ আজি ৬দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাব। এই ভ্ৰমণকালত তেওঁ আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক, আঞ্চলিক তথা বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনাত মিলিত হ'ব। ড° জয়শংকৰে দেশখনৰ কনচুল জেনেৰেলছ অৱ ইণ্ডিয়াৰ এখন সন্মিলনত অধ্যক্ষতা কৰিব।