July 17, 2025 9:03 PM July 17, 2025 9:03 PM

views 11

ৰাজ্যত শীঘ্ৰেই প্ৰায় ৮ হাজাৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক নিযুক্তি দিয়া হ’বঃ ডাঃ ৰণোজ পেগু

ৰাজ্যত শীঘ্ৰেই প্ৰায় ৮ হাজাৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকক নিযুক্তি দিয়া হ'ব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাং মহাবিদ্যালয়ৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ লৈ দিয়া ভাষণত এই কথা প্রকাশ কৰে। তেওঁ লগতে কয় যে নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ বাবেও প্রায় ৫ হাজাৰ ৫০০ শিক্ষকৰ নথি পত্ৰ পৰীক্ষাৰ কাম চলি আছে। এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতেই শিক্ষকসকলক নিযুক্তি দিয়া হ'ব বুলি ডাঃ পেগুৱে প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে ১৯৮২ চনৰ পৰাই খোৱাং অঞ্চলৰ শৈক্ষিক ক্ষ...

July 15, 2025 8:58 PM July 15, 2025 8:58 PM

views 13

ধেমাজিত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ভূমি পট্টা বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ

ৰাজ্যৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাত বন অধিকাৰ আইনৰ অধীনত জনজাতীয় আৰু পৰম্পৰাগতভাৱে বনাঞ্চলত বাস কৰি অহা লোকসকলক ভূমি পট্টা বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ অধীনৰ মিংমাং গাঁও পঞ্চায়তৰ কৃষ্টি ভৱনত জিলা প্ৰশাসনে আয়োজন কৰা প্ৰধানমন্ত্ৰী ধৰতী আবা জন অংশীদাৰী অভিযানৰ সামৰণি কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী ডাঃ পেগুৱে ভূমি পট্টা বিতৰণ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন সংৰক্ষিত বনাঞ্চলত বন অধিকাৰ আইনৰ...

June 29, 2025 12:03 PM June 29, 2025 12:03 PM

views 15

বিদ্যালয় শিক্ষা বিভাগে শাৰদীয় দুর্গাপূজাৰ সময়ত ১২ হাজাৰৰো অধিক শিক্ষক পদত নিযুক্তি দিব বুলি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ

বিদ্যালয় শিক্ষা বিভাগে শাৰদীয় দুর্গাপূজাৰ সময়ত ১২ হাজাৰৰো অধিক শিক্ষক পদত নিযুক্তি দিব। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই কথা প্ৰকাশ কৰিছে। শিক্ষক পদ পুৰণৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ বাচনি প্রক্রিয়া চলি আছে। এই অনুসৰি পহিলা জুলাইৰ পৰা মাধ্যমিক পৰ্যায়ত খালী হৈ থকা সাত হাজাৰ ৫৮৮ টা শিক্ষক পদ পুৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। ডিব্ৰুগড়, যোৰহাট, কাছাৰ, নগাঁও, কামৰূপ মহানগৰ আৰু বঙাইগাঁও জিলাত নিযুক্ত হ'বলগীয়া এই স্নাতক শিক্ষকৰ পদসমূহ পুৰণৰ বাবে ছটা মণ্ডলত প্ৰাৰ্থীৰ নথিপত্র পৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্...

June 23, 2025 6:54 PM June 23, 2025 6:54 PM

views 6

ধেমাজিৰ গোগামুখত শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰত সফলতা অৰ্জন কৰা ৬৯ গৰাকী প্ৰতিভাশালী যুৱক-যুৱতীক শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সম্বৰ্ধনা

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিৰ গোগামুখত শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰত সফলতা অৰ্জন কৰা ৬৯ গৰাকী প্ৰতিভাশালী যুৱক-যুৱতীক সম্বৰ্ধনা জনায়। মিছিং ছাত্র সংগঠন টাকাম মিছিং পৰিণ কেবাঙৰ উদ্যোগত অনুষ্ঠিত সম্বর্ধনা অনুষ্ঠানটোত উপস্থিত থাকি মন্ত্রী ডাঃ পেগুৱে চলিত বৰ্ষৰ নীট, জে ই ইৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰা শিক্ষাৰ্থীসকলৰ লগতে ফুটবল, উছু, কিক বক্সিঙৰ দৰে খেলসমূহত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কৃতিত্ব অর্জন কৰা খেলুৱৈসকলকো সম্ব...

May 26, 2025 8:41 PM May 26, 2025 8:41 PM

views 12

লখিমপুৰত ৩ হাজাৰ গৰাকী অংগনৱাড়ী কৰ্মীৰ মাজত স্মার্ট ফোন বিতৰণ

লখিমপুৰত আজি ৩ হাজাৰ গৰাকী অংগনৱাড়ী কৰ্মীৰ মাজত স্মার্ট ফোন বিতৰণ কৰা হয়। মহিলা আৰু শিশু কল্যাণ বিভাগে জিলাখনৰ লখিমপুৰ, নাওবৈচা আৰু ৰঙানদী সমষ্টিৰ ৩ হাজাৰ অংগনৱাড়ী কৰ্মীক স্মার্ট ফোন প্ৰদান কৰে। অনুষ্ঠানত লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্রী ডাঃ ৰণোজ পেগুৰ লগতে বিধায়ক মানৱ ডেকা উপস্থিত থাকে। অংগনৱাড়ী কেন্দ্ৰসমূহৰ কাৰ্যক্ষমতা বৃদ্ধিৰ দিশত এই পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰী ডাঃ পেগুৱে মন্তব্য কৰে।

May 26, 2025 8:29 PM May 26, 2025 8:29 PM

views 17

ধেমাজিত নৱনিৰ্মিত ধেমাজি জনজাতি জিৰণী চ’ৰাৰ গৃহ উদ্বোধন মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত নৱনিৰ্মিত ধেমাজি জনজাতি জিৰণী চ'ৰাৰ গৃহ উদ্বোধন কৰে। অনুসূচিত জাতিৰ পৰিচালন সঞ্চালক বিভাগৰ ২০২২-২৩ বৰ্ষৰ আঁচনিৰ ৩ কোটি টকা আবণ্টনেৰে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা জিৰণী চ'ৰাই জিলাখনৰ লোকসকলক উপকৃত কৰিব বুলি মন্ত্ৰী ডাঃ পেগুৱে আশা প্রকাশ কৰে।

May 24, 2025 11:58 AM May 24, 2025 11:58 AM

views 13

প্রথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৫২ লাখ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি প্ৰদান কাৰ্যসূচীৰ পৰ্যালোচনা শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৰ

শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে কালি অসম ৰাজ্যিক পাঠ্যপুথি প্রণয়ন আৰু প্ৰকাশন পৰিষদৰ ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ এখন বৈঠকত অধ্যক্ষতা কৰে। সমগ্র শিক্ষা অসমৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত প্রথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৫২ লাখ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি প্ৰদান কাৰ্যসূচীৰ পৰ্যালোচনা কৰা হয়।   এই বৈঠকতে ২০২৬-২৭ শৈক্ষিক বৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথিৰ প্ৰণয়ন আৰু বিতৰণৰ পৰিকল্পনা তথা সময়সীমা নিৰ্ধাৰণ কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শিক্ষামন্ত্ৰীগৰাকীয়ে বিনামূলীয়া পাঠ্যপুথিৰ সবিশেষ ...

April 22, 2025 9:00 PM April 22, 2025 9:00 PM

views 23

ধেমাজিত ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন সন্দৰ্ভত ৰাজহুৱা সভা

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সভাপতিত্বত আজি ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন সন্দৰ্ভত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ প্ৰাক্তন খেলুৱৈ, প্ৰশিক্ষক তথা ক্ৰীড়া অনুৰাগীসকলে অংশগ্ৰহণ কৰে। জিলাখনৰ খেলুৱৈসকলৰ প্রতিভা বিকাশৰ লগতে শক্তিশালী ক্রীড়া আন্তঃগাথনি গঢ়ি তোলা আৰু নিয়মিতভাৱে ক্ৰীড়া প্রতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে বৈঠকত আলোচনা কৰা হয়।

April 20, 2025 7:15 PM April 20, 2025 7:15 PM

views 38

ধেমাজি আৰু জোনাই বিধানসভা সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক, প্রাক্তন মন্ত্ৰী ৰমেশ মোহন কুলিৰ প্ৰতিমূৰ্তি আৰু উদ্যান  মুকলি

ধেমাজি জিলাৰ কুলাজানত ধেমাজি আৰু জোনাই বিধানসভা সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক, প্রাক্তন মন্ত্ৰী ৰমেশ মোহন কুলিৰ প্ৰতিমূৰ্তি আৰু উদ্যানখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। জোনাইৰ বিধায়ক ভূৱন পেগুৱে আজি এই প্ৰতিমূৰ্তি আৰু উদ্যানখন উদ্বোধন কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী তথা ধেমাজিৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জননেতাগৰাকীৰ বহুমূলীয়া অৱদানক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখযোগ্য যে জননেতাগৰাকীৰ আদৰ্শ চিৰযুগমীয়া কৰাৰ প্ৰয়াসেৰে ২০২১ চনৰ পৰা প্ৰতিমূৰ্তি নিৰ্মাণ আৰু স্মৃতি উদ্যানৰ ন্...

April 11, 2025 7:57 PM April 11, 2025 7:57 PM

views 18

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকললৈ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ শুভেচ্ছা জ্ঞাপন

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত এখন সংবাদমেলত অংশ লৈ পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। ডাঃ পেগুৱে পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত সকলো পক্ষকে ধন্যবাদ জনাই উত্তীৰ্ণৰ হাৰ নিম্নগামী হোৱা জিলাসমূহৰ আয়ুক্তক এই বিষয়টো পৰ্যালোচনাৰ বাবে আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে চাহ জনজাতি অঞ্চল, অনুসূচীত জাতি- জনজাতি অঞ্চলসমূহত ফলাফল আশাপ্রদ নোহোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে।