January 4, 2026 8:38 AM

views 17

শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ধেমাজি জিলা প্ৰশাসন আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ সৈতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ উদ্যোগত প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি ধেমাজি জিলা প্ৰশাসন আৰু পঞ্চায়ত প্ৰতিনিধিসকলৰ সৈতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ উদ্যোগত অহা ৭ জানুৱাৰীত ধেমাজিত হ'বলগীয়া প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে সেইদিনা সমষ্টিটোৰ ৩২ হাজাৰৰো অধিক উদ্যমী মহিলাৰ মাজত আঁচনিখনৰ অধীনত চেক বিতৰণ কৰিব। মন্ত্ৰীগৰাকীয়ে কালি ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত জয়ৰামপুৰ গাঁও পঞ্চায়তৰ ২ নম্বৰ বৈজন্তীপুৰ ৱাৰ্ডৰ ৰাইজৰ সৈতে অঞ্চলটোৰ বান ...