October 12, 2025 7:02 PM

views 21

মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত ধেমাজী আৰু বৰদলনি উন্নয়ন খণ্ডৰ বিভিন্ন সখীসকলৰ মাজত ৯৬ খন স্কুটি বিতৰণ

ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যান বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত ধেমাজী আৰু বৰদলনি উন্নয়ন খণ্ডৰ জীৱিকা সখী, সংযোগ সখী, বেংক সখী, বীমা সখী, কৃষি সখী আৰু পশু সখী কৰ্মীসকলৰ মাজত ৯৬ খন স্কুটি বিতৰণ কৰে। অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ অধীনত ৰূপায়ণ কৰা এই আঁচনিৰ জৰিয়তে তৃণমূল পৰ্যায়ত কাম কৰা সখীসকলক আত্মসহায়ক গোটৰ কাম-কাজসমূহ সূচাৰুৰূপে ৰূপায়ণত সহায় কৰাৰ উপৰি আত্মনিৰ্ভৰ গাওঁ নিৰ্মাণৰ পথ প্ৰশস্ত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে । ডাঃ পেগুৱে আজি বৰদ...