September 7, 2025 8:08 PM September 7, 2025 8:08 PM
18
শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ তিনিচুকীয়া জিলাৰ শৈক্ষিক দিশৰ পৰ্যালোচনা
শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ত এখন বৈঠকত জিলাখনৰ শৈক্ষিক দিশৰ পৰ্যালোচনা কৰে। জিলাখনৰ সামগ্রিক শৈক্ষিক ফলাফল পূৰ্বতকৈ ভালেখিনি উন্নত হোৱা আৰু মুঠ নামভৰ্তিৰ সংখ্যা বৃদ্ধিৰ লগতে আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পোৱাক লৈ ডাঃ পেগুৱে সন্তুষ্টি প্ৰকাশ কৰে। অৱশ্যে এই ক্ষেত্ৰত ৰাজ্যৰ গড় পৰিসংখ্যাতকৈ জিলাখন কিছু পিচ পৰি থকাৰ পৰিপ্ৰেক্ষিতত তেওঁ সকলো বিষয়াবৰ্গক নতুন শিক্ষা নীতি অনুসৰি শৈক্ষিক পৰিস্থিতিতন্ত্ৰ উন্নত কৰিবলৈ আহ্বান জনায়। ডাঃ পেগুৱে আজি তিন...