January 4, 2025 6:49 PM

views 14

জ্যেষ্ঠ বিজ্ঞানী আৰু ভাৰতৰ পাৰমানৱিক কাৰ্যসূচীৰ অন্যতম স্থপতি ড০ ৰাজাগোপাল চিদাম্বৰমৰ দেহাৱসান

জ্যেষ্ঠ বিজ্ঞানী আৰু ভাৰতৰ পাৰমানৱিক কাৰ্যসূচীৰ অন্যতম স্থপতি ড০ ৰাজাগোপাল চিদাম্বৰমৰ আজি পুৱতি নিশা মুম্বাইৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। ৮৮ বছৰীয়া বিজ্ঞানীগৰাকী ভালেমান দিন ধৰি অসুস্থ হৈ আছিল। ড০ চিদাম্বৰমে ভাৰতৰ পাৰমাণৱিক অস্ত্ৰ প্ৰকল্প গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৯৭৪ চনত ভাৰতে সম্পন্ন কৰা প্ৰথম পাৰমানৱিক পৰীক্ষা আৰু ভাৰতক বিশ্বৰ ভিতৰতে অন্যতম পাৰমানৱিক শক্তি হিচাপে চিহ্নিত কৰা ১৯৯৮ চনৰ পোখৰানৰ দ্বিতীয়টো পৰীক্ষাৰ সময়তো তেওঁৰ উল্লেখনীয় ভূমিকা আছিল। ড০ চিদাম্বৰমে ভাৰত চৰকা...