May 6, 2025 6:39 PM May 6, 2025 6:39 PM

views 8

পশু চিকিৎসক ডা° মৃগেন শ‍ইকীয়াৰ দেহাৱসান

অসম লোকসেৱা আয়োগৰ নিযুক্তি সম্পৰ্কীয় অনিয়মৰ গোচৰত অন্যতম অভিযুক্ত পশু চিকিৎসক ডা° মৃগেন শ‍ইকীয়াৰ আজি হৃদৰোগত আক্ৰান্ত হৈ পাঞ্জাবাৰীৰ বতাহঘূলিৰ নিজ বাসগৃহত মৃত্যু হয়। অসুস্থ হৈ পৰা ডা° শ‍ইকীয়াক পৰিয়ালৰ লোকে তৎক্ষণাত চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে অসম চৰকাৰৰ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ মহকুমা স্বাস্থ্য বিষয়া ডা° শ‍ইকীয়াই চাকৰিৰ প্ৰাৰ্থী আৰু লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰিছিল। নিযুক্তি সম্পৰ্কী...