December 28, 2024 8:32 PM

views 41

ৰাষ্ট্ৰীয় মর্যাদাৰে প্রাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ শেষকৃত্য সম্পন্ন

বৃহস্পতিবাৰে নিশা ৯২ বছৰ বয়সত দেহাৱসান ঘটা প্রাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ শেষকৃত্য সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে আজি দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন হয়। অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে শিখ পুৰোহিত আৰু প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে গুৰুবাণী পাঠ কৰে। সামৰিক অভিবাদনৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্রী অমিত শ্বাহ, স্বাস্থ্য মন্ত্ৰী জগত প্ৰকাশ নাড্ডা আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ড° সি...

December 27, 2024 3:46 PM

views 27

কাইলৈ ড০ মনমোহন সিঙৰ শেষ কৃত্য

যোৱা নিশা দেহাৱসান ঘটা প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ নশ্বৰদেহ বৰ্তমান নতুন দিল্লীৰ মতিলাল নেহৰু মাৰ্গত থকা তেওঁৰ বাসগৃহত ৰখা হৈছে আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে নেতাগৰাকীৰ প্ৰতি শেষ শ্রদ্ধা তৰ্পণ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মূৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে আজি প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ নশ্বৰদেহত পুষ্পার্ঘ্য নিবেদন কৰি তেওঁৰ প্ৰতি সন্মান জনায়। কংগ্ৰেছ দলৰ সূত্ৰই জনোৱা মতে কাইলৈ ড০ মনমোহন সিঙৰ অন্তিম যাত্রা অনুষ্ঠিত ...

May 30, 2024 8:23 PM

views 33

বিজেপি চৰকাৰৰ শাসন কালত দেশৰ অৰ্থনীতি অবিশ্বাস্যভাৱে শোচনীয় হৈছে বুলি অভিযোগ ডº মনমোহন সিঙৰ

দেশৰ প্ৰাক্তন প্রধানমন্ত্ৰী ডº মনমোহন সিঙে বিজেপি চৰকাৰৰ শাসন কালত দেশৰ অৰ্থনীতি অবিশ্বাস্যভাৱে শোচনীয় হৈছে বুলি অভিযোগ কৰিছে। পাঞ্জাবৰ ভোটাৰ সকললৈ লিখা এখন পত্ৰত তেওঁ জনসাধাৰণক ভোটদান কৰিবলৈ আহ্বান জনাই কয় যে, বিজেপি চৰকাৰৰ শাসন কালত দেশৰ মুঠ ঘৰুৱা উৎপাদন ৬ শতাংশৰ তললৈ অবনমিত হয়। তেওঁ কয় যে কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ শাসন কালত দেশৰ মুঠ ঘৰুৱা উৎপাদন প্রায় ৮ শতাংশ আছিল। ডº সিঙে বিজেপৰ জ্যেষ্ঠ নেতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত আপত্তিজনক কেতবোৰ মন্ত...