December 28, 2024 8:32 PM December 28, 2024 8:32 PM
10
ৰাষ্ট্ৰীয় মর্যাদাৰে প্রাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ শেষকৃত্য সম্পন্ন
বৃহস্পতিবাৰে নিশা ৯২ বছৰ বয়সত দেহাৱসান ঘটা প্রাক্তন প্রধানমন্ত্রী ড° মনমোহন সিঙৰ শেষকৃত্য সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে আজি দিল্লীৰ নিগমবোধ ঘাটত সম্পন্ন হয়। অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে শিখ পুৰোহিত আৰু প্রাক্তন প্রধানমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে গুৰুবাণী পাঠ কৰে। সামৰিক অভিবাদনৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্রী অমিত শ্বাহ, স্বাস্থ্য মন্ত্ৰী জগত প্ৰকাশ নাড্ডা আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ড° সি...