July 21, 2024 12:41 PM July 21, 2024 12:41 PM
8
মৰিগাঁৱত সাহিত্যিক প্রয়াত ড° লক্ষ্মীনন্দন বৰাৰ তৃতীয় স্মাৰক বক্তৃতা অনুষ্ঠান
অসমীয়া ভাষা সাহিত্যৰ প্ৰথিতযশা সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্রয়াত ড° লক্ষ্মীনন্দন বৰাৰ তৃতীয় স্মাৰক বক্তৃতা অনুষ্ঠান কালি মৰিগাঁও জিলাৰ জাগীৰোড মহাবিদ্যালয়ত অনুষ্ঠিত হয়। ড° লক্ষ্মীনন্দন বৰা স্মাৰক ন্যাসৰ উদ্যোগত আৰু অসমীয়া নতুন সংবাদ গোষ্ঠীৰ সহযোগত অনুষ্ঠিত বক্তৃতা অনুষ্ঠানৰ অসম সৌৰভ বঁটা প্ৰাপক নাদিৰাম দেউৰীয়ে বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানত মূল ভাষণ প্ৰদান কৰি শংকৰী সাহিত্যৰ বিশিষ্ট গৱেষক ড° সঞ্জীৱ কুমাৰ বৰকাকটীয়ে ড° বৰাৰ সাহিত্য কৃতীৰ বিভিন্ন দিশ সম্পৰ্কে ব্যাখ্যা কৰে। স...