October 12, 2025 11:02 AM

views 41

আধাৰ আধাৰিত ডিজিটেল পৰিচয় ব্যৱস্থা আৰু প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাই সেৱা প্ৰদান ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰিছে বুলি ৰাজ্যমন্ত্রী জিতেন্দ্ৰ সিঙৰ প্ৰকাশ

আধাৰ আধাৰিত ডিজিটেল পৰিচয় ব্যৱস্থা আৰু প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় পৰিকল্পনাই সেৱা প্ৰদান ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰিছে বুলি কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্রী জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি নতুন দিল্লীত আয়োজিত ভাৰতীয় ৰাজহুৱা প্ৰশাসন প্ৰতিষ্ঠানৰ প্ৰযুক্তি আৰু অৰ্থনৈতিক সহযোগিতা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি এইদৰে কয়। ড° সিঙে কয়, যে প্ৰযুক্তি সুলভ হৈ পৰিছে আৰু স্বচ্ছতা তথা উত্তৰ দায়িত্ব নিশ্চিতকৰণৰ আটাইতকৈ ফলপ্ৰসূ আহিলাৰূপে পৰিগণি...