August 26, 2025 8:58 PM
15
প্ৰাক্তন গৱেষিকা ড০ বেগম আবিদা চৌধুৰী দক্ষিণ মেৰুৰ এণ্টাৰ্কটিকা অভিযানৰ বাবে নিৰ্বাচিত
শিলচৰৰ অসম বিশ্ববিদ্যালয় পদার্থ বিজ্ঞানৰ প্ৰাক্তন গৱেষিকা ড০ বেগম আবিদা চৌধুৰী দক্ষিণ মেৰুৰ এণ্টাৰ্কটিকা অভিযানৰ বাবে নিৰ্বাচিত হৈছে। বিশ্বৰ আটাইতকৈ প্ৰতিকূল বতৰৰ জলবায়ু পৰিৱৰ্তন বিষয়ত গৱেষণাৰ বাবে যাবলগীয়া দলটোৰ অংশ হিচাপে যাবলৈ ওলোৱা ড০ চৌধুৰীয়ে বৰ্তমান উত্তৰাখণ্ডৰ আউলিৰ ভাৰত-তিববত সীমান্ত আৰক্ষীৰ পৰ্বতাৰোহণ আৰু স্কিইং স্কুলত প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে। ভাৰতৰ মেৰু গৱেষণাত আৰু জলবায়ু পৰিৱৰ্তন তথা পৰিৱেশ তন্ত্ৰৰ বিশ্বব্যাপি প্ৰভাবৰ ক্ষেত্ৰত এই গৱেষণা অতি গুৰুত্বপূৰ্ণ হ'ব বুলি আশা কৰা হৈছে ।