March 14, 2025 8:05 PM March 14, 2025 8:05 PM

views 4

ৰাজ্যত পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে ফাকুৱা আৰু দৌল উৎসৱ উদযাপন

ৰাজ্যৰ বিভিন্ন স্থানত পৰম্পৰাগত ৰীতি-নীতি আৰু উৎসাহ-উদ্দীপনাৰে ফাকুৱা আৰু দৌল উৎসৱ উদযাপন কৰা হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত কালি সন্ধিয়া গন্ধযাত্ৰাৰে দৌল মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। বৰপেটাৰ পাটবাউসী, গনককুছি, সুন্দৰীদিয়া আৰু বাৰাদি সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল- মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ-বতাহ মুখৰ হৈ উঠিছে। ওড়িশাৰ পৰা হোলী গীতৰ দল, মণিপুৰী সাংস্কৃতিক দল, আদিবাসী সাংস্কৃতিক দলৰ লগতে বিভিন্ন স্থানীয় শিল্পীৰ গীত পৰিৱেশেনেৰে সত্ৰ নগৰীখন প্ৰাণ চঞ্চল হৈ উঠ...