April 25, 2025 11:35 AM

views 11

ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পহলগামত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি

পহলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ স্মৃতিত কালি তিনিচুকীয়া জিলাৰ ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজহুৱা শ্রদ্ধা তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত ডুমডুমাৰ বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে এই বৰ্বৰ ঘটনাত জড়িত লোকসকল যাতে কোনো কাৰণতে সাৰি নাযায়, তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ প্ৰতি দাবী জনায়। তেওঁলোকে লগতে পাকিস্তান আৰু বাংলাদেশৰ সৈতে থকা ভাৰতৰ সীমান্ত কটকটীয়াভাৱে ছীল কৰাৰো দাবী জনায়।