October 21, 2025 11:25 AM

views 89

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক নতুন ৰূপ দিয়াৰ প্ৰয়াসেৰে উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত গুৰুত্ব আৰোপ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন পর্যটনস্থলীক নতুন ৰূপ দিয়াৰ প্ৰয়াসেৰে উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত গুৰুত্ব আৰোপ কৰিছে। ড'নাৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই প্ৰকাশ কৰা মতে কাজিৰঙা, জিৰ', ছ'হৰা, ঠেনজল, মাতাবাৰী, কিছামা, নামছি আৰু মৈৰাঙক বিশ্বমানৰ পৰ্যটনস্থলী কৰি তোলাৰ বাবে কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। উত্তৰ-পূবক ভাৰতৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তুলিবলৈ অঞ্চলটোত পর্যটন আৰু সাংস্কৃতিক ক্ষেত্ৰৰ পৰিৱৰ্তন সাধন কৰিব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তদ...

February 26, 2025 8:47 PM

views 30

উত্তৰ পূৱ পৰিষদৰ অন্তৰ্গত ১০টা প্ৰকল্পৰ কাম ক্ষীপ্ৰতাৰে কৰিবলৈ মেঘালয় চৰকাৰক কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰীৰ  আহ্বান

কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী তথা উত্তৰ পূৱ উন্নয়ন মন্ত্ৰী ড০ সুকান্ত মজুমদাৰে আজি উত্তৰ পূৱ পৰিষদৰ অন্তৰ্গত ১০ টা প্ৰকল্পৰ কাম ক্ষীপ্ৰতাৰে কৰিবলৈ মেঘালয় চৰকাৰক আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আজি ৰাজ্যখনত উত্তৰ-পূৱ পৰিষদৰ অন্তৰ্গত বিভিন্ন প্রকল্পসমূহৰ পৰ্যালোচনা কৰে। মেঘালয়ে ভিচন ২০৪৭ মার্চ মাহত মুকলি কৰিব বুলি প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে শীঘ্ৰেই উত্তৰ-পূৰ্বাঞ্চল দেশৰ শক্তি কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ব।

February 2, 2025 12:07 PM

views 55

২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আৱণ্টিত পুঁজি বৃদ্ধি

২০২৫-২৬ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আৱণ্টিত পুঁজি আৰু উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ৰ পুঁজি বৃদ্ধি কৰা হৈছে। বাজেটত এইবেলি উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ৰ বাবে ৫,৯১৫ কোটি টকা আৱণ্টন কৰা হৈছে। ২০২৪-২৫ বৰ্ষৰ বাজেটত এই মন্ত্ৰ্যালয়ৰ বাবে চাৰি হাজাৰ ছয় কোটি টকা ধাৰ্য্য কৰা হৈছিল। বাজেটত উল্লেখ কৰা মতে এই শিতানত আৱণ্টিত ধনৰ বৃদ্ধিৰ পৰিমাণ প্রায় ৪৭.৬ শতাংশ। ইয়াৰ উপৰি অসমৰ চাহ শ্ৰমিকসকলৰ সামাজিক সুৰক্ষাৰ বাবে বাজেটত ৬৬ কোটি ৮৭ লাখ টকা আৱণ্টন দিয়া হৈছে। এইবাৰৰ বাজেটত বিত্...