July 7, 2025 7:59 PM

views 21

অসমৰ শিক্ষা ক্ষেত্ৰৰ উন্নয়নৰ বাবে তিনিটা প্ৰকল্পৰ প্রতিবেদনত অনুমোদন উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ৰ

উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ে অসমৰ শিক্ষা ক্ষেত্ৰৰ উন্নয়নৰ বাবে তিনিটা প্ৰকল্পৰ বিস্তৃত প্ৰকল্প প্রতিবেদনত অনুমোদন জনাইছে। মন্ত্ৰালয়ৰ উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ আন্তঃমন্ত্ৰালয় সমিতিৰ ৫৭ সংখ্যক বৈঠকত এই অনুমোদন জনোৱা হয়। এই প্রকল্পসমূহৰ বাবে ১২৩ কোটি ৮৪ লাখ টকা ব্যয় কৰা হ'ব। এই প্রকল্পসমূহৰ অধীনত ৰাজ্যখনত বিদ্যালয় শিক্ষা আৰু সাক্ষৰতাৰ ক্ষেত্ৰত বিভিন্ন সময়োপযোগী ব্যৱস্থা গ্ৰহণ কৰা হ'ব।