January 22, 2026 11:03 AM

views 25

ট্রাম্পৰ গ্ৰীণলেণ্ড অধিগ্ৰহণৰ দাবীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন এই বিষয়ক লৈ চিন্তিত নহয়

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ গ্ৰীণলেণ্ড অধিগ্ৰহণৰ দাবীয়ে ডেনমাৰ্ক আৰু নাটোৰ ঐক্যক জোকাৰি যোৱাৰ সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এই বিষয়টোক লৈ চিন্তিত নহয় বুলি মন্তব্য প্ৰদান কৰিছে। কালি নিশা ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ বৈঠকত দিয়া ভাষণত পুটিনে কয় যে গ্রীনলেণ্ডৰ কথা চিন্তা কৰাটো আমাৰ কাম নহয়। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে তেওঁলোকে নিজৰ মাজতে এই বিবাদ সমাধান কৰিব।

January 22, 2026 10:59 AM

views 10

গ্ৰীণলেণ্ডৰ বিষয়ত আমেৰিকাৰ পৰিকল্পিত শুল্ক বাতিল কৰাৰ কথা ঘোষণা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে উত্তৰ মেৰুৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভৱিষ্যতে চুক্তিৰ কাঠামোত সন্মতি প্ৰকাশ কৰাৰ পিছতেই ইউৰোপত থকা আমেৰিকৰ মিত্ৰ দেশসমূহৰ ওপৰত গ্ৰীণলেণ্ডৰ বিষয়ত আমেৰিকাৰ পৰিকল্পিত শুল্ক বাতিল কৰাৰ কথা ঘোষণা কৰিছে। ট্রাম্পে অধিকাৰ আৰু মালিকীস্বত্বকে ধৰি গ্ৰীণলেণ্ডক ল'ব বিচৰা বুলি জোৰ দিয়াৰ কেইঘণ্টামানৰ পিছতেই এই ঘোষণা কৰে। বিশ্ব অর্থনৈতিক মঞ্চত দিয়া ভাষণত ৰাষ্ট্ৰপতিয়ে কয়, যে তেওঁ এনে ভূ-খণ্ড বিচাৰিছে যি অতি শীতল আৰু দুৰ্বল অৱস্থাত আছিল। ট্রাম্পে লগতে উত্তৰ মেৰুৰ ৰাছিয়া আৰু চ...

January 22, 2026 10:56 AM

views 9

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে গ্রীণলেণ্ড অধিগ্রহণ কৰাৰ দাবী ইউৰোপীয় সংসদৰ

ইউৰোপীয় সংসদে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে গ্রীণলেণ্ড অধিগ্রহণ কৰাৰ দাবী আৰু তেওঁৰ এই পৰিকল্পনাৰ বিৰোধীতা কৰা ইউৰোপীয় সংঘৰ মিত্ৰদেশসমূহৰ ওপৰত শুল্ক আৰোপ কৰাৰ ভাবুকিৰ প্ৰতিবাদত সংঘৰ বাণিজ্যিক চুক্তিৰ কাম-কাজ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জুলাই মাহৰ শেষৰফালে স্কটলেণ্ড টাৰ্ণবেতি সম্পাদিত চুক্তিৰ মূল অংশহিচাপে আমেৰিকাৰ সামগ্ৰীসমূহৰ ওপৰত ইউৰোপীয় সংঘৰ ভালেখিনি আমদানি শুল্ক আঁতৰোৱাৰ লগতে ২০২০ চনত প্ৰথমে ট্রাম্পৰ সৈতে চুক্তিবদ্ধ হোৱা আমেৰিকাৰ সামগ্ৰীসমূহৰ ওপৰত শূন্য শুল্ক অব্যাহত ৰখাৰ প্...

January 19, 2026 12:10 PM

views 6

প্রধানমন্ত্রীক গাজাত শান্তি স্থাপন প্ৰক্ৰিয়াৰ প্ৰচেষ্টাৰ বাবে গঠন কৰা বোর্ড অব্ পীচৰ অংশ হ’বলৈ আহ্বান ডোনাল্ড ট্রাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক গাজাত শান্তি স্থাপন প্ৰক্ৰিয়াৰ প্ৰচেষ্টাৰ বাবে গঠন কৰা শান্তি পৰিষদ বা বোর্ড অব্ পীচৰ অংশ হ'বলৈ আহ্বান জনাইছে। আমেৰিকান ৰাষ্ট্ৰপতিগৰাকীয়ে এই সন্দর্ভত প্রধানমন্ত্রী শ্রীমোদীলৈ পঠোৱা পত্ৰ ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্রদূত ছেৰগিঅ' গড়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। ইয়াৰ জৰিয়তে গাজাত শান্তি স্থাপন হ'ব বুলি আশা কৰা হৈছে। অৱশ্যে ভাৰতে ট্রাম্পৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাব নে নাই সেই কথা বৰ্তমানলৈ সদৰী কৰা নাই।

January 8, 2026 8:16 PM

views 13

ডোনাল্ড ট্রাম্পৰ বৈদেশীক নীতিক কঠোৰভাৱে সমালোচনা ফ্ৰেংক ৱাল্টাৰ ষ্টেইমাৰৰ

জার্মানীৰ ৰাষ্ট্ৰপতি ফ্ৰেংক ৱাল্টাৰ ষ্টেইমাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ বৈদেশীক নীতিক কঠোৰভাৱে সমালোচনা কৰিছে। শ্রী ষ্টেইমাৰে কয়, যে ডোনাল্ড ট্রাম্পৰ পূর্বে গোলকীয় গণতন্ত্রত কেতিয়াও আঘাত সনা নাছিল। বিশেষ সূত্র অনুসৰি ভেনিজুবেলাৰ ৰাষ্ট্ৰপতি নিকোলাচ মাড়ুৰোৰ বিৰুদ্ধে চলোৱা অভিযানৰ পাছত তেওঁ এই মন্তব্য কৰে। ৰাছিয়াই ক্রিমিয়াত কৰা অবৈধ দখল আৰু ইউক্রেইনৰ সৈতে সংঘাত অব্যাহত ৰখাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হস্তক্ষেপক ৰাষ্ট্ৰপতি ষ্টেইমাৰে এটা ঐতিহাসিক ভুল সিদ্ধান্ত বুলি মন্তব্য কৰিছে। তেওঁ...

November 10, 2025 5:53 PM

views 43

আমেৰিকা যুক্তৰাষ্ট্ৰৰ জ্যেষ্ঠ কূটনীতিবিদ ছাৰ্জিঅ’ গৰক নতুন দিল্লীস্থিত দেশখনৰ ৰাষ্ট্ৰদূত হিচাপে ৰাষ্ট্ৰপতি ট্রাম্পে দিয়া নিযুক্তিত অনুমোদন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চ সদন চিনেটে জ্যেষ্ঠ কূটনীতিবিদ ছাৰ্জিঅ' গৰক নতুন দিল্লীস্থিত দেশখনৰ ৰাষ্ট্ৰদূত হিচাপে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে দিয়া নিযুক্তিত অনুমোদন জনাইছে। তেওঁ অচিৰেই নতুন দিল্লীৰ মার্কিন দূতাবাসত কাৰ্যভাৰ গ্ৰহণ কৰিব। উল্লেখযোগ্য যে ৩৮ বছৰীয়া ছাৰ্জিঅ' গৰ হৈছে ভাৰতত ৰাষ্ট্রদূত হিচাপে নিযুক্তি লাভ কৰা কনিষ্ঠতম মার্কিন কূটনীতিবিদ। গৰৰ লগতে দূতাবাসত নিযুক্তি লাভ কৰা আন কূটনীতিবিদ আৰু বিষয়াসকলেও ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ওচৰত আনুষ্ঠানিকভাৱে তেওঁলোকৰ পৰিচয় পত্ৰ প্ৰদা...

October 20, 2025 7:43 PM

views 32

গাজাষ্টীপত ইজৰাইলৰ আক্ৰমণ অব্যাহত থকাৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধবিৰতি অব্যাহত আছে বুলি উল্লেখ

গাজাষ্টীপত ইজৰাইলৰ আক্ৰমণ অব্যাহত থকাৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধবিৰতি অব্যাহত আছে বুলি উল্লেখ কৰিছে। ৰাফাৰ সমীপত হোৱা এটা বিস্ফোৰণত ইজৰাইলী সৈনিক নিহত হোৱাৰ পাছত আজি গাজাষ্ট্ৰীপত ইজৰাইলে এলানি বিমানেৰে চলোৱা আক্ৰমণত এগৰাকী সাংবাদিককে ধৰি ১৫ গৰাকী অসামৰিক লোক নিহত হয়। ইজৰাইল সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাফাত বাহৰ পাতি থকা ইজৰাইলী সেনাবাহিনীক উদ্দেশ্য কৰি হামাছ যোদ্ধাই এটা এন্টি টেংক ক্ষেপনাস্ত্র নিক্ষেপ কৰাৰ লগতে মুকলিকৈ গুলীবর্ষ...

October 14, 2025 11:40 AM

views 38

প্ৰধানমন্ত্ৰী মোদীক এগৰাকী ভাল বন্ধু বুলি অভিহিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ

● ইজিপ্তত অনুষ্ঠিত ধর্ম-অল-শ্বেখ শীৰ্ষ সন্মিলনত দিয়া ভাষণত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ভাৰতক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এগৰাকী ভাল বন্ধু বুলি অভিহিত কৰে। ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতক এখন মহান দেশ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীক বন্ধুৰ তালিকাত শীৰ্ষত থকা বুলি মন্তব্য কৰে। ট্রাম্পে কয়, যে প্রধানমন্ত্রী মোদীয়ে অভূতপূর্ব কাম কৰি দেখুৱাইছে। ৰাষ্ট্ৰপতি শ্ৰীটাম্পে ভাৰত আৰু পাকিস্তানৰ সম্পৰ্ক সন্দৰ্ভত কয়, যে দুয়োখন দেশে মিলাপ্ৰীতিৰে থাকিব বুলি আশা ব্যক্ত কৰে। গাজাত ইজৰাইল আৰ...

September 4, 2025 12:01 PM

views 12

ট্রাম্পৰ শুল্ক ব্যৱস্থাই ভাৰতত বিপৰীত প্ৰতিক্ৰিয়াৰহে সৃষ্টি কৰিছে

● আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে কালি ভাৰতৰ সৈতে থকা বাণিজ্যিক সম্পৰ্কৰ বিষয়ে পুনৰ সমালোচনা কৰাৰ পিছত আমেৰিকাৰ সংবাদ মাধ্যমসমূহে কৈছে যে, ট্রাম্পৰ শুল্ক ব্যৱস্থাই ভাৰতত বিপৰীত প্ৰতিক্ৰিয়াৰহে সৃষ্টি কৰিছে। দ্যা ৱাল্ ষ্ট্ৰীট জাৰ্ণেলে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতত আমেৰিকাৰ শুল্কৰ প্ৰভাৱ বিষয়ক এটি চমু বিৱৰণী প্ৰকাশ কৰিছে। ইয়াৰ শিৰোনাম হৈছে- ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ জৰিমণা হিচাপে ট্রাম্পে ভাৰতত শুল্ক বৃদ্ধি কৰিছে যদিও ইয়াৰ বিপৰীত প্ৰতিক্ৰিয়া কিয় দেখা গৈছে। এই সন্দৰ্ভত বিশ্লেষ...

August 18, 2025 8:20 PM

views 23

ৰাছিয়াৰ সৈতে যুদ্ধৰ অৱসানৰ কথা প্ৰকাশ ইউক্রেইনৰ ৰাষ্ট্ৰপতিৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্প আৰু ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ জেলেনস্কীয়ে আজি নিশা আলোচনাত মিলিত হোৱাৰ পূৰ্বে ইউক্রেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাছিয়াৰ সৈতে যুদ্ধৰ অৱসান ঘটাব বুলি দোহাৰিছে। ইউক্রেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে আজি ইউৰোপীয় সংঘৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ সৈতে হোৱাইট হাউচত ট্রাম্পক সাক্ষাৎ কৰিব।