April 10, 2025 7:07 PM
16
ডমিনিকৰ নাইট ক্লাবৰ চাঁদ খহি মৃত্যু হোৱা লোকৰ সংখ্যা ১৮৪ লৈ বৃদ্ধি
ডমিনিক গণৰাজ্যৰ ৰাজধানী ছাণ্ট' ডমিংগ’ৰ এটা নাইট ক্লাবত যোৱানিশা এখন চাঁদ খহি পৰাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৮৪ লৈ বৃদ্ধি পাইছে। ঘটনাস্থলীত এতিয়াও উদ্ধাৰকাৰ্য অব্যাহত আছে। বৰ্তমানলৈকে ১৪৫ জন লোকক উদ্ধাৰ কৰা হৈছে আৰু ২০ জনৰো অধিক আঘাতপ্রাপ্ত লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে যোৱানিশা নাইট ক্লাবটোত জনপ্রিয় মেৰেংগু গায়িকা ৰুবী পেৰেজে অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে ক্লাবটোৰ এখন চাঁদ খহি পৰে। এই দুৰ্ঘটনাত ৬৯ বছৰীয়া শিল্পীগৰাকীৰো মৃত্যু হৈছে। ভালেসংখ্যক ৰাজনীতিক, এথলিট আৰু অন্য...