March 4, 2025 10:40 AM

views 19

দেশৰ ৮ ৰাজ্যৰ ২৮ খন নদীত চলোৱা জৰীপত মুঠ ৬,৩২৭ টা শিহুৰ অৱস্থিতি

■ দেশৰ ৮খন ৰাজ্যৰ মাজেৰে যোৱা ২৮ খন নদীত চলোৱা এটা জৰীপ অনুসৰি মুঠ ৬,৩২৭ টা শিহুৰ অৱস্থিতিৰ তথ্য পোৱা গৈছে। ইয়াৰ ভিতৰত ব্ৰহ্মপুত্ৰকে ধৰি নদীসমূহত ৬৩৫ টা শিহুৰ অৱস্থিতিৰে অসমে দেশৰ ভিতৰত চতুর্থ স্থান লাভ কৰিছে। ২০২০ চনত এই জৰীপ আৰম্ভ কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গুজৰাটৰ গীৰ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি ৰাষ্ট্ৰীয় বন্যপ্রাণী বোৰ্ডৰ সপ্তম বৈঠকত অংশ লোৱাৰ সময়ত এই জৰিপ সম্পৰ্কীয় প্রতিবেদন মুকলি কৰে। দেশত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই জৰীপ ৮ হাজাৰ ৫০০ কিলোমিটাৰ নদীপথ সামৰি ৩,১৫০ টা কৰ...