September 6, 2025 1:22 PM
36
পঞ্জাৱ, উত্তৰ ভাৰতৰ বান প্ৰভাৱিত অঞ্চলত চিকিৎসা আৰু মানৱীয় সাহায্যৰ বাবে চিকিৎসা কৰ্মীৰ দল নিয়োজন
পঞ্জাৱ আৰু উত্তৰ ভাৰতৰ বান প্ৰভাৱিত অঞ্চলত চিকিৎসা আৰু মানৱীয় সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যে নতুন দিল্লীস্থিত অখিল ভাৰতীয় আয়ুর্বেদ প্ৰতিষ্ঠান, এইমছৰ ডাক্তৰ-নাৰ্ছ সমন্বিত এটা চিকিৎসা কৰ্মীৰ দল নিয়োজন কৰা হৈছে। দলটোত মেডিচিন, মনোৰোগ, শিশুৰোগ, শল্য চিকিৎসা, প্রসুতিৰোগ আদি কেইবাটাও বিভাগৰ এঘাৰ গৰাকী বিভাগীয় চিকিৎসক আৰু এঘাৰ গৰাকী নাৰ্ছ আছে। এটা বিজ্ঞপ্তিত এইমছ কর্তৃপক্ষই কয় যে স্মাস্থ্যকৰ্মীৰ এই দলটোৱে প্ৰয়োজনীয় চিকিৎসা সেৱা, ঔষধ বিতৰণ আৰু বান প্ৰভাৱিত লোকসকলক সহায়-সমৰ্থন জনোৱাৰ বাবে কাম কৰি য...