March 22, 2025 9:15 PM March 22, 2025 9:15 PM

views 5

হোজাইৰ ডবকাত অত্যাধুনিক আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পৰ শিলান্যাস মন্ত্ৰী কেশৱ মহন্তৰ

তথ্য প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই আজি হোজাই জিলাৰ ডবকাত স্বচ্ছ ভাৰত নগৰীয়া অভিযানৰ অধীনত নিৰ্মাণ হ'বলগীয়া এটা অত্যাধুনিক আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পৰ শিলান্যাস কৰে। ৩ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিলে ডবকা চহৰৰ প্ৰতিটো ৱাৰ্ড পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ উঠিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে উৎপাদিত পচন সাৰ ব্যৱহাৰ কৰি কৃষকসকল লাভৱান হোৱাৰ উপৰি এই প্ৰকল্পটোত বহু যুৱক-যুৱতীয়ে কর্মসংস্থাপন লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰ...