November 28, 2025 9:01 PM

views 15

হাটশিঙিমাৰী জিলা আদালতত জিলা আইন সেৱা প্ৰাধিকাৰীৰ বিশেষ সজাগতা সভা

গ্ৰেপ্তাৰ পদ্ধতি আৰু আৰক্ষীৰ জবাবদিহিতা বিষয়ত হাটশিঙিমাৰী জিলা আদালতত জিলা আইন সেৱা প্ৰাধিকাৰীয়ে আজি এখন বিশেষ সজাগতা সভা অনুষ্ঠিত কৰে। ৰাজ্যিক আৰক্ষীৰ জবাবদিহিতা আয়োগৰ অধ্যক্ষা আৰু প্ৰাক্তন ন্যায়াধীশ ৰুমী কুমাৰী ফুকনে এই সভাত ভার্চুৱেলী অংশগ্ৰহণ কৰে। কাৰ্যসূচীটোত ন্যায়াধীশ সঞ্জয় হাজৰিকা, মুখ্য ন্যায়িক দণ্ডাধীশ শ্বানী ভট্টাচাৰ্য্য, জিলা আইন সেৱা সচিব জয়ন্ত কুমাৰ শ‍ইকীয়াকে ধৰি ভালেসংখ্যক আইন সেৱা বিষয়া আৰু আৰক্ষী বিষয়া উপস্থিত থাকে। সাধাৰণ নাগৰিক, আইনৰ শিক্ষাৰ্থী আৰু ন্যায়পালিকা ব্যৱস...