June 20, 2025 11:39 AM

views 17

ভাৰতৰ দবা খেলুৱৈ দিব্যা দেশমুখক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি লণ্ডনত অনুষ্ঠিত বিশ্ব ব্লিজ দবা প্রতিযোগিতাৰ ছেমি ফাইনেলত বিশ্বৰ ১ নম্বৰ স্থানৰ হ'উ য়িফানৰ বিৰুদ্ধে জয়লাভ কৰা প্ৰতিভাৱান খেলুৱৈ দিব্যা দেশমুখক অভিনন্দন জনাইছে। প্রধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে দিব্যাৰ সাফল্যই খেলুৱৈগৰাকীৰ একাগ্ৰতা আৰু নিষ্ঠাক প্ৰতিফলিত কৰা বুলি মন্তব্য কৰিছে। দিব্যাৰ জয়ে উদীয়মান দবা খেলুৱৈসকলক অনুপ্ৰাণিত কৰিব বুলি শ্রীমোদীয়ে প্ৰকাশ কৰে। তেওঁ লগতে খেলুৱৈগৰাকীৰ ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।