August 22, 2024 11:50 AM August 22, 2024 11:50 AM
4
ৰাজ্যত ইছলামধৰ্মীৰ বিবাহৰ ক্ষেত্ৰত ১৮ বছৰৰ তলৰ কোনো লোকৰে বিবাহ পঞ্জীয়ন নকৰাৰ বিধেয়ক উত্থাপনত অনুমোদন মন্ত্ৰীসভাৰ
অসম মন্ত্রীসভাই ইছলামধৰ্মী লোকসকলৰ বিবাহৰ ক্ষেত্ৰত ১৮ বছৰ বয়সৰ তলৰ কোনো লোকৰে বিবাহ পঞ্জীয়ন নকৰাৰ বাবে এখন বিধেয়ক উত্থাপনত অনুমোদন জনাইছে। ইয়াৰ পূৰ্বে ইছলামধৰ্মী লোকসকলৰ ১৮ বছৰৰ তলৰ লোকৰো বিবাহ পঞ্জীয়ন সম্ভৱ হৈ উঠিছিল। সমগ্র বিষয়টো সামৰি কেবিনেটে অসম বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত উত্থাপনৰ উদ্দেশ্যে অসম বাধ্যতামূলক মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন বিধেয়ক, ২০২৪-ত অনুমোদন জনাইছে। বিধেয়কখনে বিবাহৰ পবিত্ৰতাক অক্ষুণ্ণতাৰে শক্তিশালী কৰাৰ পথ প্রশস্ত কৰাৰ লগতে বিশেষকৈ মহিলাসকলক আইনী ধাৰণাৰ স...