January 26, 2025 9:04 PM

views 35

ৰাজ্যৰ জিলাসমূহত গণৰাজ্য দিৱসৰ কাৰ্যসুচীত বিভিন্ন মন্ত্ৰীৰ অংশগ্ৰহণ

পৰিবেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেলপথাৰত কামৰূপ জিলা প্ৰশাসনে আয়োজন কৰা ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসুচীত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত নির্দিষ্ট ক্ষেত্রসমূহত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা কেবাগৰাকী ব্যক্তি তথা কেইবাটাও সংগঠনক অনুষ্ঠানটোত সম্বর্ধনা জনোৱা হয়। তদুপৰি কামৰূপ জিলা প্ৰশাসনে গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বিশেষ প্ৰদৰ্শনীৰো আয়োজন কৰে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই ব...