June 25, 2024 1:16 PM

views 20

৫১ কোটি টকা ব্যয়ৰে গুৱাহাটী জিলা পুথিভঁৰালৰ নতুন আন্তঃগাঁথনি উন্নীতকৰণ ব্যৱস্থা

অসম চৰকাৰে গুৱাহাটী জিলা পুথিভঁৰালটো নতুন আন্তঃগাঁথনিৰে উন্নীতকৰণ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ৫১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই ভৱনটোত চাৰিটা পুথিভঁৰাল মহলা, তিনিটা সাধাৰণ অধ্যয়ন ক্ষেত্র, কিতাপৰ বিপণী, কেফেটেৰিয়া, পার্কিং সুবিধা তথা পঢ়ুৱৈ আৰু দৰ্শনাৰ্থীৰ বাবে বিভিন্ন সুবিধা ৰখা হ'ব। সাম্প্রতিক সময়ৰ উপযোগী হোৱাকৈ পুথিভঁৰালটো গঢ়ি তোলা হ'ব বুলি প্ৰকাশ কৰা হৈছে।