October 3, 2024 12:48 PM
12
ৰাজ্যত কাইলৈ ২১খন, ৫ অক্টোবৰত ১৮খন সমজিলা আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব
ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে ২১খন জিলাত ৩৯খন সমজিলা কাইলৈ আৰু পৰহিলৈ পৰ্যায়ক্রমে উদ্বোধন কৰা হ'ব। সেই অনুসৰি কাইলৈ ২১খন সমজিলা আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে ৫ অক্টোবৰত ১৮খন সমজিলাক মৰ্যাদা প্ৰদান কৰা হ'ব। ইয়াৰ পূৰ্বে এই সম্পৰ্কীয় জাননীখনত কোৱা হৈছিল যে ধুবুৰী জিলাৰ বিলাসীপাৰা আৰু গোলকগঞ্জক সমজিলা হিচাপে স্বীকৃতি দিয়া হৈছে। বঙাইগাঁৱৰ অভয়াপুৰীক, কামৰূপ জিলাৰ ৰঙিয়াক, নগাঁও জিলাৰ কলিয়াবৰ আৰু ৰহাক সমজিলা হিচাপে ঘোষণা কৰা হৈছে। একেদৰে বিশ্বনাথৰ গহপুৰ আৰু বিহালীক, লখি...