August 18, 2025 12:55 PM August 18, 2025 12:55 PM
7
দীপৰ বিল সংৰক্ষণৰ বাবে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ খচৰা অধিসূচনা জাৰি
অসমৰ একমাত্ৰ ৰামছৰ ক্ষেত্ৰ দীপৰ বিল সংৰক্ষণৰ বাবে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে খচৰা অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি দীপৰ বিলৰ চাৰিসীমা পুনৰ নিৰ্ধাৰণ কৰাৰ লগতে চৌপাশৰ এলেকাক পৰিৱেশ স্পৰ্শকাতৰ অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে। এই অঞ্চলসমূহৰ ভিতৰত বিলখনৰ কাষৰীয়া চাৰিখন গাঁও কলিতাপাৰা, মিকিৰাপাৰা-চকৰ্দো, মাটিয়া আৰু আজাৰা অন্তৰ্ভুক্ত হৈছে। ইয়াৰ জৰিয়তে এই অঞ্চলসমূহত উদ্যোগীকৰণ, বাণিজ্যিক নিৰ্মাণ কাৰ্য আৰু অন্যান্য পৰিৱেশ ধ্বংসকাৰী কাৰ্যকলাপত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। দীপৰ বিল স...