November 3, 2025 9:37 PM

views 23

ডিফুত লৌহ পুৰুষ চৰ্দাৰ বল্লব ভাই পেটেলৰ ১৫০ সংখ্যক জন্ম বার্ষিকী উদযাপনৰ আয়োজন

লৌহ পুৰুষ চৰ্দাৰ বল্লব ভাই পেটেলৰ ১৫০ সংখ্যক জন্ম বার্ষিকী উদযাপন উদ্দেশ্যে আজি ডিফু আৱৰ্ত ভৱনত এখন প্রস্তুতি সভা অনুষ্ঠিত হয়। এই উপলক্ষে জিলা আয়ুক্ত নিৰলা ফানছপিৰ সভাপতিত্বত অনুষ্ঠিত সভাত অহা ৮ নৱেম্বৰত হ'বলগীয়া একতা পদযাত্ৰা কাৰ্যসূচীৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগৰ মুৰববীসকলৰ উপস্থিতিত আয়োজিত সভাখনত পদযাত্ৰাৰ পূৰ্বে অমৃত সৰোবৰসমূহ পৰিষ্কাৰ কৰণ, গছপুলি ৰোপণ আৰু চাফাই অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ উপায়ুক্তগৰাকীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক দায়িত্ব অর্পণ কৰে। দেশ...

July 18, 2025 1:21 PM

views 39

ডিব্ৰুগড়-নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ডিফু ষ্টেচনত ৰখোৱা ব্যৱস্থাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ

● ডিব্ৰুগড়-নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছ ডিফু ষ্টেচনত ৰখোৱা ব্যৱস্থাৰ কালি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে যোৱানিশা এই ব্যৱস্থাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰী ৰংহাঙে কয়, যে ডিফু ষ্টেচনত ৰাজধানী এক্সপ্ৰেছখন ৰখোৱাৰ সুবিধা কৰাৰ লগে লগে অঞ্চলটো প্ৰত্যক্ষভাৱে দেশৰ সৈতে সংযুক্ত হ'ল। ক’ভিৰ সংক্ৰমণৰ সময়ত এই ৰে’লখন ৰখোৱাৰ ব্যৱস্থা বন্ধ কৰি দিয়া হৈছিল। এতিয়াৰেপৰা কাৰ্বি আংলঙৰ ৰাইজৰ যথেষ্ট সুবিধা হ'ব বুলি তে...

February 17, 2025 6:18 PM

views 13

তাৰালাংছত ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত

কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালাংছত কালিৰে পৰা ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত পাঁচদিনীয়া কাৰ্যসূচীৰে আয়োজিত কাৰ্বি যুৱ মহোৎসৱ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীৰংহাঙে কাৰ্বি ভাষা সংস্কৃতি সংৰক্ষণৰ বাবে নতুন প্ৰজন্মক দায়িত্ব ল'বলৈ আহ্বান জনায়। অনুষ্ঠানত অংশ লৈ সাংসদ অমৰ সিং টিছ’ৱে কাৰ্বি মহোৎসৱৰ ঐতিহ্যৰ বিষয়ে উল্লেখ কৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ এই মহোৎসৱে অগণন লো...

February 7, 2025 6:37 PM

views 23

কাৰ্বি আংলঙৰ ডিফুৰ মাজ বজাৰত ভূমিকম্পৰ সময়ত ল’বলগীয়া সাৱধানতাৰ বিষয়ত বাটৰ নাট অনুষ্ঠিত

কাৰ্বি আংলং জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ উদ্যোগত আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ সহযোগত আজি কাৰ্বি আংলং জিলাৰ ডিফুৰ মাজ বজাৰত ভূমিকম্পৰ সময়ত ল'বলগীয়া সাৱধানতাৰ বিষয়ত এখন বাটৰ নাট অনুষ্ঠিত কৰা হয়। সুৰক্ষিত অসমৰ বাবে বাটৰ নাট-২ৰ অংশ হিচাপে আয়োজন কৰা এই বাটৰ নাটত বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ আৰু সতীৰ্থ শিল্পীসকলে অভিনয় কৰে। বাটৰ নাটৰ মাধ্যমেৰে জনসাধাৰণক পলিথিনৰ বেগ ব্যৱহাৰৰ পৰা বিৰত থাকি কিদৰে পৰিৱেশ সংৰক্ষণ কৰিব পাৰি সেই বিষয়টো সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়।

November 14, 2024 12:20 PM

views 17

অসম বিশ্ববিদ্যালয় ডিফুৰ ৰাজনীতি বিভাগৰ সহযোগত দুদিনীয়াকৈ আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু অসম বিশ্ববিদ্যালয় ডিফুৰ ৰাজনীতি বিভাগৰ সহযোগত দুদিনীয়াকৈ আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ কালি সন্ধিয়া সামৰণি পৰে। ছিকিমৰ বিশিষ্ট পৰিৱেশকর্মী ছ'নাম বাংচুকে উদ্বোধন কৰা এই আলোচনাচক্ৰত ষষ্ঠ অনুসূচী সম্পর্কে বহুলভাৱে আলোচনা কৰা হয়। উল্লেখযোগ্য যে ষষ্ঠ অনুসূচী সম্পূৰ্ণ হোৱা উপলক্ষে ৭৫ সংখ্যক এই ৰাষ্ট্ৰীয় আলোচনাচক্ৰখনৰ আয়োজন কৰা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অহা বিশিষ্ট শিক্ষাবিদ আৰু অধ্যাপকসকলে ষষ্ঠ অনুসূচী সন্দৰ...

November 4, 2024 6:40 PM

views 21

ষট পূজা শান্তিপূর্ণভাৱে আৰু নিৰাপদে উদযাপনৰ প্ৰস্তুতি পৰ্যালোচনাৰে ডিফু আৱৰ্ত ভৱনত বৈঠক

সমাগত ষট পূজা শান্তিপূর্ণভাৱে আৰু নিৰাপদে উদযাপনৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ আজি ডিফু আৱৰ্ত ভৱনত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ আয়ুক্তৰ লগতে ডিফু, মাঞ্জা, বকলীয়াঘাট আৰু হাওৰাঘাটৰ ষট পূজা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আয়ুক্তগৰাকীয়ে পূজা উদযাপন কৰিবলগীয়া স্থানসমূহ মেৰামতি কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে। তদুপৰি পূজাথলীসমূহত চি চি টি ভি সংস্থাপনৰ লগতে অন্যান্য সতর্কতামূলক ব্যৱস্থাসমূহ গ্ৰহণ কৰিবলৈ কোৱা হৈছে।

July 18, 2024 5:45 PM

views 26

মুখ্যমন্ত্রী সাহায্য পুঁজিৰ অধীনত ডিফু ক্লাবত আর্থিকভাৱে পিছপৰা বিদ্যাৰ্থীসকলৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হোৱা লোকৰ মাজত চেক বিতৰণ

মুখ্যমন্ত্রী সাহায্য পুঁজিৰ অধীনত আজি ডিফু ক্লাবত আর্থিকভাৱে পিছপৰা বিদ্যাৰ্থীসকলৰ লগতে বিভিন্ন ৰোগত আক্ৰান্ত হোৱা লোকসকলৰ মাজত চেক বিতৰণ কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কাৰ্বি আংলং স্বায়িত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত স্থানীয় বিধায়ক বিদ্যাছিং ইংলেঙে ডিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৩০ জন লোকক প্ৰথম পৰ্যায়ৰ চেকসমূহ বিতৰণ কৰে। পৰৱৰ্তী সময়ত সমষ্টিটোৰ প্ৰায় এহেজাৰ লোকক মুখ্যমন্ত্রী সাহায্য পুঁজিৰ অধীনত আর্থিক সাহায্য বিতৰণ কৰা হ'ব বুলি বিধায়কগৰাকীয়ে জানি...

April 5, 2024 7:31 PM

views 31

ডিফু জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে বাটৰ নাট প্ৰদৰ্শন

◊ সমাগত লোকসভা নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যতে জিলা প্ৰশাসনৰ উদ্যোগত ভোটাৰ ৰাইজৰ মাজত ভোটদানৰ সজাগতাৰ বাবে বিভিন্ন কার্যসূচী গ্ৰহণ কৰা হয়। কাৰ্বি আংলং জিলা প্ৰশাসন আৰু কাৰ্বি ফিল্ম ছ'চাইটিৰ সহযোগত ডিফুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা হয়। বাটৰ নাটখনিৰ নাট্যকাৰ আৰু পৰিচালক বশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ'। নাটকৰ যোগেদি তৃতীয় লিংগৰ ভোটাৰক এইবাৰ লোকসভা নিৰ্বাচনত বিশেষ সুবিধা প্ৰদান কৰা হ'ব বুলি প্ৰকাশ কৰা হয়। অনুষ্ঠানত ডিফু লোকসভা সমষ্টিৰ সাধাৰণ পৰ্যবেক...