November 4, 2025 6:41 PM

views 26

ৰাজ্যিক মর্যাদাৰে দীপক শৰ্মাৰ অন্তেষ্টিক্রিয়া সম্পন্ন

চেন্নাইৰ এখন চিকিৎসালয়ত কালি দেহাৱসান ঘটা বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ অন্তেষ্টিক্রিয়া আজি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হয়। শেষকৃত্যৰ সময়ত অসম চৰকাৰৰ হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্ত আৰু ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসে প্রয়াত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে শিল্পীগৰাকীৰ নম্বৰদেহ আজি পুৱা বিমানেৰে অসমলৈ অনাৰ পাছত বৰঝাৰ বিমানবন্দত বাঁহী বাদকৰ দলে শিল্পীগৰাকীক বাঁহীৰ সুৰেৰে শ্রদ্ধাঞ্জলি জন...

November 3, 2025 12:38 PM

views 131

বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান

বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ আজি পুৱা চেন্নাইৰ এখন চিকিৎসালয়ত মৃত্যু হয়। অসমৰ সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা বাঁহীবাদকগৰাকী দীর্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পাছত তেওঁক উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিয়া হৈছিল। শেহতীয়াকৈ শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক জটিল হৈ পৰাৰ পাছত আজি পুৱা ৬ বাজি ১৫ মিনিটত শিল্পীগৰাকীৰ মৃত্যু হয়। উল্লেখযোগ্য যে নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰাৰ লগতে কলকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা ইনষ্টমেন...