December 5, 2025 6:42 PM

views 17

আজিৰে পৰা ডিমা হাচাওত মাৰ জনগোষ্ঠীৰ চিক পুই কই আৰম্ভ

ডিমা হাচাও জিলাৰ মাৰ জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত উৎসৱ চিক পুই কই আজিৰে পৰা আৰম্ভ হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই উৎসৱ উপলক্ষে সমূহ মাৰ জনগোষ্ঠীৰ লোকক শুভেচ্ছা জ্ঞাপন কৰিছে। এই উৎসৱ শীতকালত প্রায় এমাহ ধৰি পালন কৰা হয়। উৎসৱৰ সৈতে সংগতি ৰাখি জনগোষ্ঠীটোৰ যুৱক-যুৱতীসকলে থালৌৰাম লাম, লামত লালুং লাম, কেটেল লামৰ দৰে নাচ প্ৰদৰ্শন কৰে। এই উৎসৱৰ দশম দিনা বিশেষভাৱে উল্লেখযোগ্য বুলি বিবেচনা কৰা হয়। জাৱাল চাক এই উৎসৱৰ শেষৰটো দিন। সেইদিনা জাই পু অর্থাৎ নৃত্য গীতৰ আখৰা কৰোতা জনক গাঁওজুৰি শোভাযাত্ৰা...