May 4, 2024 8:16 PM
29
ডিমা হাছাও জিলা প্রশাসনৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ
ডিমা হাচাও জিলাত বিগত কিছু দিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জিলা প্রশাসনে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা আগতীয়া জাননী অনুসৰি জিলা প্ৰশাসন আৰু জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণে জিলাখনত যান-বাহনৰ চলাচল কিছু নিয়ন্ত্ৰণ কৰিছে। এই অনুসৰি আজি নিশা ৮ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ গধুৰ বাণিজ্যিক বাহনসমূহে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা-হাৰাংহাজাও অংশ অতিক্ৰম কৰ...