July 16, 2025 10:08 PM

views 13

ডিমা হাছাওৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণথলীত হোৱা ভূমিস্খলনত এজন লোক নিহত, ৭জন লোক আহত

ডিমা হাছাও জিলাৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাংগ্ৰুম গাঁৱত আজি ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণথলীত হোৱা ভূমিস্খলনত এজন লোক নিহত আৰু ৭ জন লোক আহত হৈছে। যোৱা নিশা হোৱা প্ৰবল বৰষুণৰ ফলত সংঘটিত এই দুৰ্ঘটনাত পথৰ নিৰ্মাণকাৰ্যত জড়িত এই শ্রমিককেইজন হতাহত হয়। গুৰুতৰভাৱে আহত দুজন শ্রমিকক হাফলং অসামৰিক চিকিৎসালয়লৈ পঠিওৱা হৈছে।