May 30, 2024 2:31 PM

views 34

ৰীমাল ঘূর্ণিবতাহৰ প্ৰভাৱত অসম তথা উত্তৰ-পূবৰ বিভিন্ন অঞ্চলত ক্ষয়-ক্ষতি লগতে ডিমা হাচাওত ৰে’ল চলাচল ব্যাহত

ৰীমাল ঘূর্ণিবতাহৰ প্ৰভাৱত অসম তথা উত্তৰ-পূবৰ বিভিন্ন অঞ্চলত ভালেমান ক্ষয়-ক্ষতি হোৱাৰ লগতে ডিমা হাচাও জিলাত ৰে'ল চলাচল ব্যাহত হৈছে। জিলাখনৰ পাহাৰীয়া অঞ্চলত নেৰানেপেৰা বৰষুণৰ ফলত ৰে'লপথ আৰু সুৰংগসমূহত পানী জমা হৈছে। ইয়াৰ ফলস্বৰূপে উত্তৰ-পূব ৰে'লৱে কিছুসংখ্যক ৰে'লৰ সেৱা বাতিল কৰাৰ লগতে কেইখন মান আংশিকভাৱে বাতিল নাইবা পুনৰ সময় নিৰ্ধাৰণ কৰিবলগীয়া হয়। নিউ হাফলঙৰ পৰা বান্দৰখাললৈ ৰে'ল পথৰ ক্ষয়-ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ৰে'লৰ যাত্ৰা বাতিল কৰাৰ লগতে আন কেইখনমান ৰে'লৰ যাত্ৰা আংশিকভাৱে বাতিল ...

May 3, 2024 11:38 AM

views 41

ডিমা হাচাও জিলা প্রশাসনৰ প্রতিকুল বতৰৰ বাবে সতর্কতামূলক নির্দেশনা

◊গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ নিৰ্দেশনা মৰ্মে ডিমা হাচাও জিলা প্রশাসনে প্রতিকুল বতৰৰ প্ৰতি লক্ষ্য ৰাখি সতর্কতামূলক নির্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি জিলাখনৰ সকলো শিক্ষানুষ্ঠান কাইলৈ পৰ্যন্ত বন্ধ থাকিব। আনহাতে প্ৰশাসনে জিলাখনৰ লোকসকলক পৰাপক্ষত ঘৰৰ পৰা বাহিৰলৈ নাযাবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে বিগত কেইবাদিন ধৰি পাহাৰীয়া জিলাখনত বৰষুণ অব্যাহত আছে। ধাৰাসাৰ বৰষুণৰ বাবে জিলাখনত স্বাভাৱিক জন জীৱন ব্যাহত হৈছে। গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰয়েও ধুমুহা, ব্রজপাত আৰু বৰষুণৰ সতৰ্কতা জাৰি কৰিছে। জিল...

May 2, 2024 8:52 PM

views 30

ডিমা হাছাও জিলাত প্রতিকূল বতৰৰ বাবে সতর্কতামূলক নিৰ্দেশনা জাৰি, সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা

গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰৰ নিৰ্দেশনামৰ্মে ডিমা হাছাও জিলা প্ৰশাসনে প্রতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি সতর্কতামূলক নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি জিলাখনৰ সকলো শিক্ষানুষ্ঠান আজিৰ পৰা পৰহিলৈ বন্ধ থাকিব। আনহাতে প্রশাসনে জিলাখনৰ লোকসকলক পৰাপক্ষত ঘৰৰ পৰা বাহিৰলৈ নাযাবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে বিগত কেইবাদিন ধৰি পাহাৰীয়া জিলাখনত বৰষুণ অব্যাহত আছে। ধাৰাসাৰ বৰষুণৰ বাবে জিলাখনত স্বাভাৱিক জনজীৱন ব্যাহত হৈছে। গুৱাহাটী বতৰ বিজ্ঞান কেন্দ্ৰয়ো ধুমুহা, বজ্ৰপাত আৰু বৰষুণৰ সতৰ্কতা জাৰি কৰিছে। জিলাখন...