March 18, 2025 6:48 PM

views 46

ক’ভিডৰ সময়ছোৱাত প্ৰত্যাহাৰ কৰা ৰে’ল ষ্টেচনসমূহত পুনৰ ৰে’ল ৰখোৱাৰ ব্যৱস্থা কৰিবলৈ ৰে’ল বিভাগক আহ্বান সাংসদ দিলীপ শ‍ইকীয়াৰ

অসম প্ৰদেশ বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শ‍ইকীয়াই ক’ভিডৰ সময়ছোৱাত প্ৰত্যাহাৰ কৰা ৰে’ল ষ্টেচনসমূহত পুনৰ ৰে’লগাড়ী ৰখোৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। লোকসভাত ৰে'ল মন্ত্ৰণালয় সম্পৰ্কত হোৱা বিতৰ্কত অংশগ্ৰহণ কৰি শ‍ইকীয়াই কয়, যে খৈৰাবাৰী, গোৰেশ্বৰ, টংলা, ওদালগুৰি আৰু ডেকাৰগাঁও আদি ষ্টেচনত পূৰ্বে ৰখোৱা ভালেকেইখন ৰে’লগাড়ী ক’ভিড কালত এই ষ্টেচনসমূহত নৰখোৱাৰ সিদ্ধান্ত লোৱা হৈছিল। ৰে’লযাত্ৰীসকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এইসমূহ ষ্টেচনত পুনৰ ৰে’লগাড়ী ৰখোৱাৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁ মত প্ৰকাশ ক...

February 9, 2025 8:55 PM

views 54

অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত ৩৫খন জিলাৰ নৱনিৰ্বাচিত জিলা সভাপতিসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই আজি গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত ৩৫খন জিলাৰ নৱনিৰ্বাচিত জিলা সভাপতিসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ৰাষ্ট্ৰীয় নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত সমাগত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ল'বলগীয়া কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰা হয়। ৰাজ্যিক সভাপতি শ্ৰীশ‍ইকীয়াই এই সন্দৰ্ভত জিলা সভাপতিসকলক অৱগত কৰাৰ লগতে যাৱতীয় নীতি-নিৰ্দেশনা প্ৰদান কৰে। বৈঠকৰ পাছত শ্ৰীশ‍ইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে ২০২৫ চনটোত বিজেপি দলে জয়েৰে যাত্ৰা আৰম্ভ কৰিছে। এই ধাৰা অব্যাহত থাক...

January 19, 2025 7:32 PM

views 37

অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াৰ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ দৰ্শন

অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই আজি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ দৰ্শন কৰে। বিজেপিৰ নৱনিযুক্ত সভাপতিগৰাকীয়ে সত্ৰৰ সমীপৰ নহাটীত দলীয় কর্মকর্তা আৰু ৰাইজৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাত অনুষ্ঠানটিও শুনে। শ্রীশ‍ইকীয়াই ইয়াৰ পাছত পুনৰ সত্ৰত উপস্থিত হৈ কীৰ্তন ঘৰৰ চৌদিশ পৰিদৰ্শন কৰে। সভাপতিগৰাকীয়ে ৰাজ্য চৰকাৰে সত্ৰ, নামঘৰ আদিকে ধৰি ধৰ্মীয় স্থানসমূহৰ উন্নয়নৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। বিশেষকৈ অসম দৰ্শন আঁচনিৰ অধীনত সত্ৰ, নামঘৰ আদিত যথেষ্ট উন্নয়ন সাধন...

December 15, 2024 12:05 PM

views 34

দুখন টোল গেটৰ মাজত কমেও ১০০ কিলোমিটাৰ ব্যৱধান ৰাখিবলৈ  সাংসদ দিলীপ শ‍ইকীয়াইৰ দাবী

বিজেপিৰ সাংসদ দিলীপ শ‍ইকীয়াই টোল কৰ হ্ৰাস কৰিবলৈ আৰু দুখন টোল গেটৰ মাজত কমেও ১০০ কিলোমিটাৰ ব্যৱধান ৰাখিবলৈ দাবী জনাইছে। দৰং-ওদালগুৰি সমষ্টিৰ সাংসদ শ‍ইকীয়াই শুকুৰবাৰে লোকসভাত কয়, যে দেশৰ ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমান ৯৮৩ খন টোলগেট আছে। এই টোলগেটসমূহত বাহন চালকসকলে বুজন পৰিমাণৰ শুল্ক আদায় দিবলগীয়া হয় আৰু ইয়াৰ ফলত জনসাধাৰণৰ ওপৰত আৰ্থিক বোজা পৰে। কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্দেশনা অনুসৰি দুখন টোলগেটৰ মাজত কমেও ৬০ কিলোমিটাৰ দূৰত্ব থাকিব লাগে যদিও গুৱাহাটী ৰাষ্ট্ৰীয় ঘাইপথত মাত্র ৫০ কিলোমিটাৰৰ মাজত ২...