March 22, 2025 9:18 PM

views 15

দৰং জিলাক দেশৰ ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে ১২৮.৭৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথৰ চূড়ান্ত জৰীপত অনুমোদনঃ সাংসদ দিলীপ শইকীয়া

দৰং জিলাক দেশৰ ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰায় চাৰে ৬ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ ১২৮ দশমিক ৭-৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে'লপথৰ চূড়ান্ত জৰীপত অনুমোদন হৈছে আৰু চলিত মাহতে এই প্ৰতিবেদন প্রকাশ পাব। দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শ‍ইকীয়াই আজি মঙলদৈ মহাবিদ্যালয়ত প্ৰধানমন্ত্রী উচ্চতৰ শিক্ষা আঁচনিৰ অধীনত স্থাপন হ'বলগীয়া নতুন শৈক্ষিক ভৱন আৰু অত্যাধুনিক কম্পিউটাৰ গৱেষণাগাৰৰ নিৰ্মাণৰ শুভাৰম্ভ অনুষ্ঠানত অংশ লৈ এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে জিলাখনৰ ৰে'লপথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ ...