December 25, 2025 9:00 PM December 25, 2025 9:00 PM
10
প্রাক্তন প্রধানমন্ত্রী, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জয়ন্তী, সুশাসন দিৱস হিচাপে পালন
প্রাক্তন প্রধানমন্ত্রী, ভাৰত ৰত্নৰে বিভূষিত অটল বিহাৰী বাজপেয়ীৰ আজি ১০১ সংখ্যক জয়ন্তী, সুশাসন দিৱস পালন কৰা হৈছে। দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো প্রাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত নেতাগৰাকীলৈ শ্রদ্ধা নিবেদন কবে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে প্রাক্তন প্রধানমন্ত্রী বাজপেয়ীৰ জীৱন আৰু কৃতিৰ ওপৰত আধাৰিত এখন আলোকচিত্র প্রদর্শনীতো ভাগ লয়। বিশ্বনাথ জিলাত আঁটল বিহাৰী বাজপেয়...